মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam State Film Awards : ‘নিয়ম মতে নাহিদে বঁটা ঘূৰাই দিব লাগে, ইয়াত চৰকাৰ বা জুৰীৰ ভুল নাই’ : পীযূষ হাজৰিকা

Assam State Film Awards : ‘নিয়ম মতে নাহিদে বঁটা ঘূৰাই দিব লাগে, ইয়াত চৰকাৰ বা জুৰীৰ ভুল নাই’ : পীযূষ হাজৰিকা

লগতে মন্ত্ৰীগৰাকীয়ে কয়, যেতিয়া প্ৰেছমীট হৈছিল তেতিয়া প্ৰডিউচাৰ–ডাইৰেক্টৰ বা গায়িকাগৰাকীয়ে ক’ব লাগিছিল যে এইটো গান মই গোৱা নাই বা নাহিদ আফ্ৰিনে গোৱা নাই।

  • Share this:
অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক (Assam State Film Awards) লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ মন্ত্ৰী পীযূষ হাজৰিকাই (Pijush Hazarika) ক’লে, নিয়ম মতে নাহিদ আফ্ৰিনে (Nahid Afrin) ঘূৰাই দিব লাগে বঁটা। এইক্ষেত্ৰত জুৰী সদস্য বা চৰকাৰৰ কোনো ভুল নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘যিখন ফৰ্ম জুৰীৰ হাতত ছাবমিট কৰা গৈছিল, এজন ব্যক্তিয়ে তাত চহী কৰিছিল, সেই ব্যক্তিগৰাকীয়ে চহী কৰি ফৰ্মখনত লিখিছিল কণ্ঠশিল্পী কোন। পুৰুষ নেপথ্য কণ্ঠশিল্পী লিখা আছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত আৰু মহিলা নেপথ্য কণ্ঠশিল্পীৰ নাম লিখা আছে নাহিদ আফ্ৰিন। জুৰীয়ে কেনেকৈ গম পাব যে এই গানটো বেলেগে গাইছিল?’’

‘‘যিহেতু নমিনেচনত প্ৰযোজক বা পৰিচালকে জুৰীক দিছিল যে এই গানটো গাইছিল নাহিদ আফ্ৰিনে। এতিয়া জুৰীয়ে কেনেকে গম পাব যে এইটো বেলেগে গাইছিল? যিয়ে ছাবমিট কৰিছে তেওঁলোকে এইটো ভুল কৰিছে। এয়া হ’ব নালাগিছিল। জুৰী বা চৰকাৰৰ ভুল হোৱাৰ প্ৰশ্নই নাহে।’’ – ক’লে পীযূষ হাজৰিকাই।

লগতে মন্ত্ৰীগৰাকীয়ে কয়, যেতিয়া প্ৰেছমীট হৈছিল তেতিয়া প্ৰডিউচাৰ–ডাইৰেক্টৰ বা গায়িকাগৰাকীয়ে ক’ব লাগিছিল যে এইটো গান মই গোৱা নাই বা নাহিদ আফ্ৰিনে গোৱা নাই। জুৰীয়ে কণ্ঠ কেনেকৈ পৰীক্ষা কৰিব? যেতিয়া ঘোষণা হৈছিল তেতিয়া তেওঁলোকে ক’ব পাৰিলেহেঁতেন যে এই গানটো মই গোৱা নাই বা এখেতে গোৱা নাই। গতিকে এইক্ষেত্ৰত চৰকাৰৰ কিবা ভুল আছে বুলি বা জুৰীৰ কিবা ভুল আছে বুলি মই নাভাবো। নিয়ম মতে, বঁটাটো ঘূৰাই দিব লাগে।

শেহতীয়া বাতৰি