আজমলৰ বিতৰ্কিত মন্তব্যক লৈ বিশ্বনাথ চাৰিআলিত সাংবাদিকৰ আগত মন্তব্য কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে বদৰুদ্দিন আজমলে অতি বেয়া কৰিছে আৰু মই তেওঁৰ বক্তব্যক ধিক্কাৰ দিছো৷ হিন্দু সমাজক যাতে বেয়া ব্যৱহাৰ নকৰে তাৰ বাবে মই সকীয়াই দিছো তেওঁক।
‘‘তেওঁলোকে নিজৰ মাজত মৰক, তেওঁলোকে কাটক, তেওঁলোকে নিজৰ মাজতে ধৰ্ষণকাৰী বনাওক, যুদ্ধ কৰক আমাৰ আপত্তি নাই৷ কিন্তু যিখিনি মানুহ ভাৰতবৰ্ষত ভালকৈ আছে আৰু নিজকে ভাৰতীয় হিচাপে ভাৱে তেওঁলোকৰ মাজত যাতে বিষবাষ্প বিয়পাই নোতোলে তাৰ বাবে এই কথা পুনৰ নক’বলৈ মই আহ্বান জনাইছো৷’’ – ক’লে পীযূষ হাজৰিকাই।
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘বদৰুদ্দিন আজমলৰ পৰকীতি লৰিছে৷ বদৰুদ্দিনৰ মানসিক অৱস্থাৰ গণ্ডগোল হৈছে যেন অনুভৱ হয়৷ কাৰণ আজি–কালি তেওঁ উল্টা পাল্টা কথা কয়৷ হিন্দুৱে মুছলমানৰ পৰা একো শিকিবলগীয়া নাই৷ মুছলমান মানে হৈছে দহ-বিশ টা সন্তান জন্ম দিয়া এটা ফেক্টৰী৷’’
‘‘মুছলমান সমাজতো ভাৰতীয় পৰম্পৰা লৈ চলা মানুহ আছে আৰু সেইখিনি আমাৰ লগত সদায় থাকিব৷ বাকী মানুহখিনি লৈ আজমল ডাঙৰীয়া থাকক আমাৰ কোনো আপত্তি নাই৷’’ – ক’লে মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|