শেহতীয়াকৈ মূল্যবৃদ্ধি বিৰোধিতাৰে কংগ্ৰেছে ই-ৰিক্সা অথবা ম'হৰ গাড়ীলৈ ৰাজপথত কৰা প্ৰতিবাদকো তুচ্ছ-তাচ্ছিল্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
শেহতীয়াকৈ মূল্যবৃদ্ধি বিৰোধিতাৰে কংগ্ৰেছে ই-ৰিক্সা অথবা ম'হৰ গাড়ীলৈ ৰাজপথত কৰা প্ৰতিবাদকো তুচ্ছ-তাচ্ছিল্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
ইন্ধনজাত সামগ্ৰীৰ লগতে ৰাজ্যত শেহতীয়াকৈ অভাৱনীয় হাৰত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। কিন্তু এনে সময়ত নগাঁও জিলাৰ কঢ়ালিগাঁৱস্থিত বৰনামঘৰৰ এখন তোৰণ উদ্ঘাটন কৰিবৰ বাবে উপস্থিত হোৱা মন্ত্ৰী পীয়ুষ হাজৰিকাই মূল্যবৃদ্ধি ৰোধৰ সন্দৰ্ভত উপস্থিত ৰাইজক দিয়ে আশ্বাস।
মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ মূল্যবৃদ্ধি বিৰোধিতাৰে কংগ্ৰেছে ই-ৰিক্সা অথবা ম'হৰ গাড়ীলৈ ৰাজপথত কৰা প্ৰতিবাদকো তুচ্ছ-তাচ্ছিল্য কৰে সংবাদ মাধ্যমৰ সন্মুখত। মন্ত্ৰীগৰাকীয়ে কয় য়ে, 'পূৰ্বে টেক্সী-চাইকেল চলাই প্ৰতিবাদ কৰা কংগ্ৰেছৰ এতিয়া একো বিকল্প নাইকিয়া হোৱাত এতিয়া উপাইহীন হৈ কংগ্ৰেছে কংগ্ৰেছে গৰু-ম'হৰ গাড়ীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। তথাপিও উপ-নিৰ্বাচনত পাচোঁখন আসনেই দখল কৰিব বিজেপিয়ে। মূল্যবৃদ্ধিৰ সন্দৰ্ভত কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদ কেৱল নিৰ্বাচন কেন্দ্ৰিক। কাৰণ উপ-নিৰ্বাচন হ'বলগীয়া পাচোঁটা সমষ্টিতহে কিয় কংগ্ৰেছে প্ৰতিবাদ কৰিছে সেয়া নিশ্চয় বিচাৰ কৰি চাব ৰাজ্যবাসীয়ে।' অৱশ্যে শেহতীয়াকৈ ৰাজ্যত হোৱা মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ লগতে মন্ত্ৰীজনকো অসুবিধাত পেলাইছে বুলি অকপট স্বীকাৰ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|