প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপনৰ বাবে আয়োজন কৰা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আজি মন্ত্ৰী পিযূষ হাজৰিকা উপস্থিত হয় ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰস্থিত বিশ্বৰ ভিতৰতে সৰ্ব্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত। মন্ত্ৰীগৰাকীয়ে দলীয়ভাৱে আয়োজিত পূজাত ভাগ লৈ ধূপ-দীপ-নৈবদ্য আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষ্যে বিগ্ৰহৰ আগত লয় সেৱা।
ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখত সৰৱ হোৱা দেখা যায় মহাজোঁট তথা বিৰোধী দলৰ প্ৰতি। নিৰ্বাচনৰ সময়ত বাঘে-ছাগে একলগ হৈ যায় বুলি মন্ত্ৰীজনে মন্তব্য কৰে মহাজোঁট সন্দৰ্ভত। মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘‘কংগ্ৰেছে নিজকে বাঘ বুলি ভাবি অখিল গগৈক খাম বুলি ভাবে, কেতিয়াবা আকৌ অখিল গগৈয়ে নিজকে বাঘ বুলি কংগ্ৰেছক খাম বুলি ভাবি থাকে। মহাজোঁট মানে এটা স্বাৰ্থপৰ জোট, কোন কেতিয়া একলগ হৈ যায় কোনেও নাজানে। মহাজোঁটৰ কোনো পৰিকল্পনা নাই।’’
উপ–নিৰ্বাচনত কংগ্ৰেছো নাথাকে অখিল গগৈয়ো নাথাকে। কংগ্ৰেছ আৰু অখিল গগৈৰ নৈতিকতা নাই। উপ-নিৰ্বাচনত গোটেইকেইটা সমষ্টি বিজেপিৰ দখলত থাকিব। বিশেষকৈ থাওৰা সমষ্টিত প্ৰায় ২০হাজাৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হ'ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন দলীয় কথাহে চৰকাৰৰ কথা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|