হাফলঙলৈ যোৱাৰ সময়তে প্ৰেমত পৰিছিল পীযূষ হাজৰিকা! সপোন বাস্তৱায়িত কৰিবলৈ নিজৰ সমষ্টিত কৰিলে এই কাম

বৰ্তমান কোৰোণাৰ ব্যস্ততাৰ মাজতো তেওঁ সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ দলীয় সতীৰ্থক লগত লৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।
বৰ্তমান কোৰোণাৰ ব্যস্ততাৰ মাজতো তেওঁ সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ দলীয় সতীৰ্থক লগত লৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।
- News18 Assam
- Last Updated: July 17, 2020, 10:25 AM IST
মন্ত্ৰী গৰাকীয়ে কিয় এই পৰিকল্পনা কৰিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এবাৰ চৰকাৰী কামত হাফলঙলৈ যাওঁতে পথৰ কাষত থকা শাৰী শাৰী এজাৰ গছে তেওঁক আকৰ্ষিত কৰিছিল। তেতিয়াই তেওঁ নিজৰ সমষ্টিৰ সমগ্ৰ ৰাজপথতে এজাৰ গছ ৰোপণেৰে ৰাজপথছোৱাৰ সৌন্দৰ্য বৃদ্ধিৰ পৰিকল্পনা কৰিছিল। কিন্তু ব্যস্ততাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। সেয়ে বৰ্তমান কোৰোণাৰ ব্যস্ততাৰ মাজতো তেওঁ সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ দলীয় সতীৰ্থক লগত লৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।
ৰোপন কৰা এজাৰ পুলিসমূহৰ চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰিছে সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাসকলক। পীযূষ হাজৰিকাৰ মতে "যিহেতু প্ৰতিবছৰেই কাজিৰঙালৈ যথেষ্ট সংখ্যক বিদেশী পৰ্যটকৰ আগমন ঘটে, সেয়ে তেওঁৰ সমষ্টিৰ অন্তৰ্গত এই ৰাজপথ ছোৱাত এজাৰ গছে পৰ্যটকসকলকো আকৰ্ষিত কৰিব। আনহাতে শাৰী শাৰী এজাৰ গছে ৰাজপথছোৱাৰে অহা–যোৱা কৰা পথচাৰীক বিশুদ্ধ জলবায়ু সেৱনৰো সুযোগ দিব।" উল্লেখযোগ্য যে এজাৰ গছ ৰোপণ কৰাৰ বাবে লোৱা মন্ত্ৰীগৰাকীৰ এই পদক্ষেপক সামাজিক মাধ্যমত সকলোৱে প্ৰশংসা কৰিছে।