মুখ্যপৃষ্ঠা »খবৰ »অসম »Pijush Hazarika : কংগ্ৰেছত এতিয়া কোনো থাকিব নোৱাৰে, কংগ্ৰেছ লাহে লাহে নাইকীয়া হৈ যাব, ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই

Pijush Hazarika : কংগ্ৰেছত এতিয়া কোনো থাকিব নোৱাৰে, কংগ্ৰেছ লাহে লাহে নাইকীয়া হৈ যাব, ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই

চিৰাং জিলাৰ বিজনীত শেহতীয়া বানত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী পীযূষ হাজৰিকাই এই মন্তব্য কৰে।

চিৰাং জিলাৰ বিজনীত শেহতীয়া বানত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী পীযূষ হাজৰিকাই এই মন্তব্য কৰে।

  • Share this:
কংগ্ৰেছত এতিয়া কোনো থাকিব নোৱাৰে, কংগ্ৰেছ লাহে লাহে নাইকীয়া হৈ যাব৷ এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ৷ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ দল ত্যাগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পীযূষ হাজৰিকাই ক’লে, ‘‘কংগ্ৰেছ কোনো থাকিব নোৱাৰে৷ ইয়াৰ বাবে আমি আগতেই ওলাই আহিছিলো৷ সুশান্ত বৰগোহাঁইৰ পিছত এইবাৰ সুস্মিতা দেৱ ওলাই আহিল। গতিকে কংগ্ৰেছত এতিয়া কোনো থাকিব নোৱাৰে৷’’

চিৰাং জিলাৰ বিজনীত শেহতীয়া বানত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী পীযূষ হাজৰিকাই এই মন্তব্য কৰে। মন্ত্ৰীজনে বানত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ তৎক্ষণিকভাৱে মেৰামতিৰ বাবে নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে৷

ইফালে, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংশ্লিষ্ট বিভাগসমূহে সময়মতে প্ৰতিবেদন প্ৰেৰণ নকৰাৰ বাবেই বান-খহনীয়াত মথাউৰিসমূহ ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে বুলি মন্তব্য কৰে৷ খহনীয়া প্ৰতিৰোধৰ বাবে আগন্তুক বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷

শেহতীয়া বাতৰি