কিমান দিন পলাই থাকিব পি কে দত্ত? কেলেংকাৰীত জড়িত থকাসকলক বিচাৰি বিচাৰি ধৰা হ’ব’

বৃহস্পতিবাৰে হোজাইৰ উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হ’ল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা।
বৃহস্পতিবাৰে হোজাইৰ উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হ’ল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা।
- News18 Assam
- Last Updated: October 1, 2020, 8:00 PM IST
পীয়ুষৰ স্পষ্ট মত, SI নিযুক্তি কেলেংকাৰীত জড়িত কাকো ৰেহাই দিয়া নহ’ব। বিজেপি বুলি কোনো সাৰি নাযাব। বিচাৰি বিচাৰি মানুহ উলিয়াই ধৰা হৈছে। বেয়া কামৰ লগত বিজেপিৰ সমৰ্থন নাই আৰু নাথাকে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘দোষী সকলক যিমান পাৰি সিমান শাস্তি দিবলৈ চৰকাৰে ব্যৱস্থা লৈছে। পলাতক হৈ থকা পি কে দত্ত সোনকালে ধৰা পৰিব। কিমান দিন পলাই থাকিব?’ পিকে দত্ত পলাই থাকিলে বিপদত পৰিব। গতিকে ধৰা দি ভুল স্বীকাৰ কৰিলে ভাল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পীয়ুষ হাজৰিকাই।