বিধায়ক শ্বেৰমান আলীক সকীয়ালে পীযূষ হাজৰিকাই – ভৱিষ্যতে নক’ব এনেকুৱা কথা

পীযূষ হাজৰিকাই কয় – কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব।
পীযূষ হাজৰিকাই কয় – কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব।
- News18 Assam
- Last Updated: November 3, 2020, 9:02 AM IST
পীযূষ হাজৰিকাই কয় – কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব। আনহাতে, পুনৰ মিঞা মিউজিয়ামৰ বিষয়ে কোনো কথা ক’বলৈ সাহস নকৰিবলৈও বিধায়ক শ্বেৰমান আলীক সকীয়াই দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই৷
উল্লেখযোগ্য যে বিগত কেইটামান দিন ধৰি ৰাজ্য চৰকাৰৰ চাহ বাগিচা অঞ্চলত ১১৯খন বিদ্যালয় নিৰ্মাণৰ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰি আহিছে মন্ত্ৰী–বিধায়কসকলে তাৰে এক অংশ হিচাপে সোমবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই কন্দলীৰ শগুণবাহী অঞ্চলত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ো।