‘‘কংগ্ৰেছৰ নাটকখন দেখি কংগ্ৰেছৰ প্ৰাৰ্থীসকলেই এতিয়া সন্দিহান। অৱশ্যে দুই-এজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈছে এইকেইদিন অন্তত ভালকৈ খাবলৈ পাইছো, শুবলৈ পাইছো।’’ - নগাঁৱত এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।
মন্ত্ৰীগৰাকীয়ে লগতে কয়- "হৰ্ছ ট্ৰেডিঙৰ কথাই নাহে, আমি ৮০ ওচৰে-পাজৰে আসন পাম। আকৌ আমি ৰাইজৰ সেৱা কৰিম।"
শুকুৰবাৰে নগাঁও আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকৰ অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাই অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত বুলিও মন্তব্য কৰে।
মধ্য অসমৰ কোভিড পৰিস্থিতিৰ বুজ ল'বলৈ অহা মুখ্যমন্ত্ৰীক সংগ দিয়া পীযূষ হাজৰিকাই কংগ্ৰেছৰ হৰ্ছ ট্ৰেডিঙৰ আশংকাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, আমাক ৰাইজে পুনৰ সেৱা কৰিবলৈ সুযোগ ইতিমধ্যেই দিছে।
অৱশ্যে এইবাৰ বিজেপিয়ে কিয় মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম আগতীয়াকৈ ঘোষণা নকৰিলে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পীযূষ হাজৰিকাই কয়, " আমি বহুত সৰু কৰ্মকৰ্তা। আমাক তেনে প্ৰশ্ন নুসুধিব।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|