• Home
  • »
  • News
  • »
  • assam
  • »
  • Pijush Hazarika | চৰকাৰ–প্ৰশাসন কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অবাধ গতিত চলি আছে ড্ৰাগছৰ প্ৰচলন, উদ্বেগজনক তথ্য সদৰি কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই

Pijush Hazarika | চৰকাৰ–প্ৰশাসন কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অবাধ গতিত চলি আছে ড্ৰাগছৰ প্ৰচলন, উদ্বেগজনক তথ্য সদৰি কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই

শীঘ্ৰে অসমলৈ আহি আছে অত্যাধুনিক বাহন স্কেনাৰ। প্ৰথমে শ্ৰীৰামপুৰ গেটত স্থাপন হ'ব এই স্কেনাৰ মেচিন।

শীঘ্ৰে অসমলৈ আহি আছে অত্যাধুনিক বাহন স্কেনাৰ। প্ৰথমে শ্ৰীৰামপুৰ গেটত স্থাপন হ'ব এই স্কেনাৰ মেচিন।

শীঘ্ৰে অসমলৈ আহি আছে অত্যাধুনিক বাহন স্কেনাৰ। প্ৰথমে শ্ৰীৰামপুৰ গেটত স্থাপন হ'ব এই স্কেনাৰ মেচিন।

  • Share this:
ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনৰ অভিযান তীব্ৰতৰ হোৱাৰ পিছতো অবাধ গতিত চলি আছে ড্ৰাগছৰ প্ৰচলন। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই মন্ত্ৰী পীযূষ হাজৰিকাই সদৰি কৰিলে কেতবোৰ উদ্বেগজনক তথ্য। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ড্ৰাগছৰ বিৰুদ্ধে বিগত বৰ্ষত ৩২৩২টা NDPS গোচৰ ৰুজু হৈছে। ৫৪৮০ ড্ৰাগছ পেডলাৰ–মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰে ৫২জনে তথ্য প্ৰমাণ আৰু সময়ত চাৰ্জশ্বীত দিব নোৱাৰাৰ বাবে জামিন লাভ কৰিছে।’’

‘‘ড্ৰাগছৰ ঘটনাৰ সৈতে সম্পৰ্ক থকা ৩৮৮খন বাহন জব্দ কৰিছে আৰক্ষীয়ে। ২ লাখ ৭০ কফ চিৰাপ জব্দ কৰা হৈছে। ৩৯ লাখতকৈও অধিক নিচাযুক্ত টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। ২০২১ৰ মাৰ্চৰ পৰা ২০২২ বৰ্ষৰ মাৰ্চলৈ ২২৭১টা গোচৰ ৰুজু হৈছিল।’’ – এই তথ্য সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

শীঘ্ৰে অসমলৈ আহি আছে অত্যাধুনিক বাহন স্কেনাৰ। প্ৰথমে শ্ৰীৰামপুৰ গেটত স্থাপন হ'ব এই স্কেনাৰ মেচিন। দুটাকৈ ড্ৰাগছ নষ্ট কৰা যন্ত্ৰ আহি আছে অসমলৈ। এটা সোণাপুৰ চিভিল হাস্পতাল আৰু এটা উজনি অসমত স্থাপন কৰা হ'ব। ৰাজ্যত ৪৪টা বেচৰকাৰী ৰিহেব চেণ্টাৰ আৰু ১৯টা চৰকাৰী সাহায্যপ্ৰাপ্ত ৰিহেব চেণ্টাৰ আছে। ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰাৰ আশ্বাস মন্ত্ৰী পীযূষ হাজৰিকাৰ।
Published by:Sanjay Kumar Das
First published: