• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱত পুনৰ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাটো চিন্তনীয় - পিযূষ হাজৰিকা, নগাঁও আৰক্ষীৰ ব্যৰ্থতাক লৈ চিন্তিত অভিভাৱক মন্ত্ৰী

নগাঁৱত পুনৰ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাটো চিন্তনীয় - পিযূষ হাজৰিকা, নগাঁও আৰক্ষীৰ ব্যৰ্থতাক লৈ চিন্তিত অভিভাৱক মন্ত্ৰী

নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত মুকলিকৈ ড্ৰাগছৰ সৰবৰাহ চলি থকা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ সময়তে অভিভাৱক মন্ত্ৰীগৰাকীৰ এই মন্তব্যই নগাঁও আৰক্ষীৰ ব্যৰ্থতাক পুনৰ উদঙাই দেখুৱালে।

  • Share this:
"ড্ৰাগছৰ বিৰুদ্ধে আমাৰ চৰকাৰে প্ৰথমৰ পৰাই কঠোৰভাৱে অভিযান চলাইছে। সাম্প্ৰতিক সময়ত ড্ৰাগছ যুৱ প্ৰজন্মৰ বাবে এক ভয়াৱহ ব্যাধি। নগাঁৱতো ড্ৰাগছৰ বিৰুদ্ধে আমাৰ চৰকাৰে কঠোৰভাৱে অভিযান চলোৱাৰ নিৰ্দেশ দিছিল। প্ৰথমাৱস্থাত নগাঁৱতো ড্ৰাগছৰ সৰবৰাহ যথেষ্ট কমিছিল। কিন্তু শেহতীয়াভাৱে নগাঁৱত পুনৰ ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পাইছে। কিন্তু ইয়াৰ কাৰণ কি সেয়া অনুসন্ধান কৰাটো জিলা প্ৰশাসনৰ দায়িত্ব। মই জিলা প্ৰশাসনক এইক্ষেত্ৰত কঠোৰভাৱে অভিযান চলোৱাৰ নিৰ্দেশ দিছো, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে কঠোৰভাৱে নিৰ্দেশ দিছো।"- নগাঁৱৰ জিলা পুথিভঁৰালত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত এই মন্তব্য কৰে নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই।

শেহতীয়াভাৱে নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত মুকলিকৈ ড্ৰাগছৰ সৰবৰাহ চলি থকা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ সময়তে অভিভাৱক মন্ত্ৰীগৰাকীৰ এই মন্তব্যই নগাঁও আৰক্ষীৰ ব্যৰ্থতাক পুনৰ উদঙাই দেখুৱালে।

আনহাতে, অনুষ্ঠানটিত উপস্থিত অসমৰ স্বাস্থ্য আৰু পৰিয়াক কল্যাণ বিভাগৰ কেশৱ মহন্তয়ো নগাঁৱত চলি থকা ড্ৰাগছৰ সৰবৰাহ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়, "ড্ৰাগছ বেপাৰীয়ে নিজৰ সন্তানক সদায় ড্ৰাগছৰ পৰা আঁতৰত ৰাখে, কিন্তু সহজে ধন ঘটাৰ আশাত বহু যুৱ প্ৰজন্মক ধ্বংস কৰিছে। চৰকাৰৰ লগতে ৰাইজ সজাগ হ'লেহে ড্ৰাগছৰ দৰে সামাজিক ব্যধিৰ বিৰুদ্ধে আমি জয়ী হ'ব পাৰিম।"

নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থকা এই অনুষ্ঠানত তাৎপৰ্যপূৰ্ণভাৱে নগাঁও আৰক্ষীৰ এগৰাকীও উচ্চপদস্থ বিষয়াক দেখা ন'গল।
Published by:Sanjay Kumar Das
First published: