‘ডাঃ দেৱেন দত্তৰ হত্যাকাৰীৰ শাস্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা, ফাষ্ট ট্ৰেক আদালতত চলিব গোচৰ’

মন্ত্ৰীগৰাকীয়ে কয় যে IAS বিষয়া শ্যাম জগন্নাথৰ নেতৃত্বত গঠন কৰা হৈছে তদন্ত কমিটী।

News18-Assam
Updated:September 5, 2019, 1:24 PM IST
‘ডাঃ দেৱেন দত্তৰ হত্যাকাৰীৰ শাস্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা, ফাষ্ট ট্ৰেক আদালতত চলিব গোচৰ’
মন্ত্ৰীগৰাকীয়ে কয় যে IAS বিষয়া শ্যাম জগন্নাথৰ নেতৃত্বত গঠন কৰা হৈছে তদন্ত কমিটী।
News18-Assam
Updated: September 5, 2019, 1:24 PM IST
টীয়ক কাণ্ডক লৈ তৎপৰ ৰাজ্য চৰকাৰ। দোষীৰ শাস্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ’ব দেৱেন দত্তৰ হত্যাকাণ্ডৰ গোচৰৰ। সংবাদ মেলত এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।

মন্ত্ৰীগৰাকীয়ে কয় যে IAS বিষয়া শ্যাম জগন্নাথৰ নেতৃত্বত গঠন কৰা হৈছে তদন্ত কমিটী। চিকিৎসক নিগ্ৰহৰ বাবে কেন্দ্ৰই আনিব নতুন আইন। এই আইন প্ৰযোজ্য হ’ব অসমতো। পদত্যাগ কৰা বাগিচাৰ চিকিৎসকক পুনৰ চাকৰিত যোগদানৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

আনহাতে, টীয়কৰ ঘটনাক গৰিহণা দি মন্ত্ৰী হাজৰিকাই কয় যে এই ঘটনা অতি মৰ্মান্তিক। এইক্ষেত্ৰত প্ৰয়াত দেৱেন দত্তৰ পত্নীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰীয়ে। ফাষ্ট ট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী সোণোৱালে।

উল্লেখযোগ্য যে বুধবাৰে IMAৰ বিষয়ববীয়া প্ৰয়াত চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালক স্থিতি স্পষ্ট কৰাৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি