‘এইবাৰ কংগ্ৰেছী বিধায়কৰ ঘৰৰ মানুহেই ভোট দিব বিজেপিক’

২০২১ত ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া তত্পৰ হৈ পৰিছে শাসক-বিৰোধী। প্ৰতিটো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল।
২০২১ত ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া তত্পৰ হৈ পৰিছে শাসক-বিৰোধী। প্ৰতিটো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল।
- News18 Assam
- Last Updated: September 6, 2020, 11:31 PM IST
মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, ‘কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটবন্ধনলৈ অলপো শংকিত হোৱা নাই বিজেপি ৷ কিন্তু এটাই বেয়া লাগিছে যে, এই জোঁটবন্ধনে অসমৰ স্বাভিমানক আঘাত হানিব ৷ হু ইজ বদৰুদ্দিনৰ বুলি কোৱাৰ বাবেই কংগ্ৰেছক ভোট দি আছিল বহুতে ৷ এই মিত্ৰজোঁটৰ বাবেই আগন্তুক নিৰ্বাচনত হাৰিব উজনিৰ বহু কংগ্ৰেছী বিধায়ক ৷ বহু কংগ্ৰেছী বিধায়কক ঘৰৰ মানুহেই এইবাৰ বিজেপিক ভোট দিব।’
দেওবাৰে জাগীৰোড নগৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দুয়োটা দলৰ মিত্ৰজোঁটে বিজেপিক সহায়হে কৰিব ৷ ২০২১ৰ নিৰ্বাচনত পুনৰ বিজেপি ক্ষমতালৈ আহিব।’
সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে ৰাজ্যৰ কোভিড চিকিৎসালয় সমূহত বিচনাৰ অভাৱ হোৱা নাই বুলিও জানিবলৈ দিয়ে জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই ৷