আজমল মুখ্যমন্ত্ৰী হ’লে অসমীয়া শব্দটোৱে নাথাকিব, নতুন শব্দ আহিব – ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই

২০২১ৰ নিৰ্বাচনত বৰ্তমানৰ কংগ্রেছৰ কেইবাজনো নেতা পৰাস্ত হোৱাৰ লগতে পূৰ্বতকৈ আসন কমিব কমিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
২০২১ৰ নিৰ্বাচনত বৰ্তমানৰ কংগ্রেছৰ কেইবাজনো নেতা পৰাস্ত হোৱাৰ লগতে পূৰ্বতকৈ আসন কমিব কমিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
- News18 Assam
- Last Updated: August 21, 2020, 6:23 PM IST
‘‘মিত্ৰতা হোৱাৰ পিছত বদৰুদ্দিন মুখ্যমন্ত্ৰী হ’লে অসমীয়া শব্দটোৱে নাইকিয়া হ’ব, অসমীয়াৰ স্থানত আহিব নতুন শব্দ। কংগ্ৰেছে হয় আজমলৰ বোকোচাত উঠি চৰকাৰ গঠন কৰিব লাগিব, নহয় আমাৰ মাজত সংঘাত কৰি চৰকাৰ গঠন কৰিব লাগিব। কিন্ত আমাৰ মাজত কোনো সংঘাত নহয়। আমি এইবাৰো চৰকাৰ গঠন কৰিম। বিজেপিয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক ভয় নকৰে।’’ – ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই। আনহাতে, ২০২১ৰ নিৰ্বাচনত বৰ্তমানৰ কংগ্রেছৰ কেইবাজনো নেতা পৰাস্ত হোৱাৰ লগতে পূৰ্বতকৈ আসন কমিব কমিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।