কভিডৰ সময়ত পি পি কিট শব্দটো কোনোৱে বুজা নাছিল। ৩৫ খন ফাৰ্মক পি পি কিটৰ বাবে মনোনীত কৰা হৈছিল। ৯ খন ফাৰ্মক হেণ্ড চেনিটাইৰাজক দায়িত্ব দিয়া হৈছিল। এনেদৰে স্পষ্টীকৰণ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই
কভিডৰ সময়ত পি পি কিট শব্দটো কোনোৱে বুজা নাছিল। ৩৫ খন ফাৰ্মক পি পি কিটৰ বাবে মনোনীত কৰা হৈছিল। ৯ খন ফাৰ্মক হেণ্ড চেনিটাইৰাজক দায়িত্ব দিয়া হৈছিল। এনেদৰে স্পষ্টীকৰণ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই
'ক'ভিডৰ সময়ত পি পি কিট শব্দটো কোনোৱে বুজা নাছিল। ৩৫ খন ফাৰ্মক পি পি কিটৰ বাবে মনোনীত কৰা হৈছিল। ৯ খন ফাৰ্মক হেণ্ড চেনিটাইৰাজক দায়িত্ব দিয়া হৈছিল। ভুৱা বাতৰি প্ৰচাৰ কৰিছে Warএ নামৰ পৰ্টেলে। মুখ্যমন্ত্ৰী পৰিয়ালৰ ফালৰ পৰা কোভিডৰ সমগ্রী যোগান ধৰা নাই। মুখ্যমন্ত্ৰী পৰিয়ালে একটাও লোৱা নাই পি পি কিটৰ নামত।'- এনেদৰে শনিবাৰে সংবাদমেল সম্বোধন কৰি পিপিই কিট বিতৰ্কৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
মন্ত্ৰী হাজৰিকাই লগতে কয় যে, ''ধুনুকা নামৰ ফাৰ্মখনে কেৱল ৮৫ লাখ টকাৰ কাম পাইছিল। পি পি কিট আনিছিল।কিন্তু লোৱা হোৱা নাই ৫০ হাজাৰ পি পি কিট।ব্যৱহাৰ নকৰাৰ কথা তেতিয়াই প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সেই সময়ত PPE kitক লৈ এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ক'ভিড সময়ত আমি ৩৫ খন ফাৰ্মক PPE kit দিবলৈ অনুমোদন জনাইছিলো। আৰু ৯ খন ফাৰ্মক চেনিটাইজাৰ যোগান ধৰিবলৈ অনুমোদন জনাইছিলো। যিখন ফাৰ্মকলৈ বাতৰি প্ৰচাৰ কৰিছিল সেই ফাৰ্মখনে কেৱল ৮৫ লাখ টকাৰহে অনুমোদন পাইছিল। যদি চৰকাৰৰ একাউণ্টৰ পৰা কোনো টকা দিয়া হোৱা নাই তেতিয়া হলে কেলেংকাৰী ক'ৰ পৰা হ'ল?''
ইফালে কাৰ্বি আংলং নিৰ্বাচনৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰতিটো সমষ্টিতে বিজেপি জিকিব বুলি দৃঢ়তাৰে কয় মন্ত্ৰী হাজৰিকাই। পীয়ুষ হাজৰিকাই কয় যে, 'কাৰ্বি আংলং নিৰ্বাচনত আমি ২৬ টাতে জিকিম। প্ৰতিখন সভাত ১০০ৰ পৰা ১৫০ কংগ্ৰেছী মানুহ যোগদান কৰিছে। কংগ্ৰেছৰ অৱস্থা অতি বেয়া। কংগ্ৰেছত ৭ টা বিসম্বাদী গোট আছে। ভূপেন বৰাই বিজেপিৰ কথা চিন্তা কৰিব নালাগে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|