‘মিঞা মিউজিয়ামৰ দাবী কৰাসকল কলাক্ষেত্ৰত আক্ৰমণ কৰাসকলৰ বংশধৰ’ – পীযূষ হাজৰিকা

News18 Assam | News18-Assam
Updated:October 25, 2020, 4:00 PM IST
‘মিঞা মিউজিয়ামৰ দাবী কৰাসকল কলাক্ষেত্ৰত আক্ৰমণ কৰাসকলৰ বংশধৰ’ – পীযূষ হাজৰিকা
জাগীৰোডত মন্ত্ৰী পীযূষ হাজৰিকাই এই সন্দৰ্ভত প্ৰদান কৰে কেতবোৰ বিস্ফোৰক মন্তব্য৷

জাগীৰোডত মন্ত্ৰী পীযূষ হাজৰিকাই এই সন্দৰ্ভত প্ৰদান কৰে কেতবোৰ বিস্ফোৰক মন্তব্য৷

  • Share this:
দুৰ্গা পূজাৰ মাজতে আন এক প্ৰসংগই তোলপাৰ লগাইছে ৰাজ্য৷ শেহতীয়াকৈ মিঞা মিউজিয়াম স্থাপনৰ দাবীক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি৷ গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী জনাইছে একাংশই৷ আনহাতে একাংশই বিৰোধিতা কৰিছে এই দাবীৰ৷

জাগীৰোডত মন্ত্ৰী পীযূষ হাজৰিকাই এই সন্দৰ্ভত প্ৰদান কৰে কেতবোৰ বিস্ফোৰক মন্তব্য৷ মন্ত্ৰী গৰাকীয়ে কয় - কলাক্ষেত্ৰ ভঙা মানুহেই মিঞা মিউজিয়ামৰ দাবী উত্থাপন কৰিছে৷ যিসকলে কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবী জনাইছে, সেইসকলৰ বংশধৰে ভাঙিছে অসমৰ ঐতিহ্য কলাক্ষেত্ৰ৷ এয়া কেতিয়াও হ’বলৈ দিয়া নহ’ব৷

জাগীৰোডৰ বাৰোৱাৰী পূজা মণ্ডপত দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰাৰ পিছতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে দেৱী দুৰ্গতিনাশিনীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণেৰে সেৱা আগবঢ়াই অসম আৰু অসমীয়া জাতিৰ মংগল কামনা কৰে আৰু কোৰোণা মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হয় মন্ত্ৰী পীযূষ হাজৰিকা৷
Published by: Sanjay Kumar Das
First published: October 25, 2020, 4:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading