মুখ্যপৃষ্ঠা »খবৰ »অসম »বাৰিষাৰ পূৰ্বে কৰক এইসমূহ কাম...জলসম্পদ বিভাগৰ বিষয়াক কঠোৰ নিৰ্দেশ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

বাৰিষাৰ পূৰ্বে কৰক এইসমূহ কাম...জলসম্পদ বিভাগৰ বিষয়াক কঠোৰ নিৰ্দেশ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA)ৰ পৰ্যালোচনা বৈঠকত অংশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA)ৰ পৰ্যালোচনা বৈঠকত অংশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA)ৰ পৰ্যালোচনা বৈঠকত অংশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

  • Share this:
অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি দিছপুৰৰ জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA)ৰ এখন বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ লয়।

এই বৈঠকতে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ. আব্বাচিৰ উপস্থিতিত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ডা: জীৱন বিয়ে অসমৰ বান নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী হ'বলগা দুখন গুৰুত্বপূৰ্ণ আঁচনি সম্পৰ্কে বিস্তৃত ৰূপত এক উপস্থাপন দাঙি ধৰে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ কেইখনত বানপানী আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৰূপায়ন হ'বলগা এই আঁচনিসমূহ সঠিক আৰু সময়মতে ৰূপায়ন কৰাৰ ওপৰত গুৰুত্ব দি মন্ত্ৰী পীযুষ হাজৰিকাই ভূমি অধিগ্ৰহণকে ধৰি আন প্ৰশাসনীয় কামবোৰ ক্ষীপ্ৰতাৰে কৰিবৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে।

মন্ত্ৰীগৰাকীয়ে লগতে নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণক ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ আন আঁচনিসমূহে সামৰি নোলোৱা অংশত কাম কৰিবলৈ নিৰ্দেশ দিয়ে যাতে ৰাজহুৱা পুঁজিৰ সঠিক ব্যৱহাৰ কৰিব পৰা যায়।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ পৰা বৰ্তমানে ৰাজ্যখনত চলি থকা বিভাগীয় কামৰো খতিয়ান লয়। লগতে বৰ্তমানে চলি থকা স্থায়ী কামবোৰৰ সমান্তৰালভাৱে আহিব লগা বাৰিষাৰ বাবেও এতিয়াৰে পৰা সকলোকে সাজু হৈ থাকিবলৈ তেঁও আহ্বান জনায়। বিশেষকৈ বাৰিষাৰ সময়ত বান নিয়ন্ত্ৰণৰ বাবে জৰুৰীভাৱে প্ৰয়োজন হোৱা সামগ্ৰী ক্ৰয় তথা স্পৰ্শকাতৰ অঞ্চল বাচনি কৰি তেনে অঞ্চললৈ জৰুৰীকালীন সামগ্ৰীৰ বিতৰণ আদি কামবোৰৰ ওপৰত এতিয়াৰে পৰা গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

শেহতীয়া বাতৰি