মুখ্যপৃষ্ঠা »খবৰ »অসম »Nazira News : নাজিৰাত পীয়ূষ হাজৰিকাই আধাৰশিলাৰ স্থাপন কৰিলে"মহীয়সী জয়মতী স্মৃতিক্ষেত্ৰ"ৰ

Nazira News : নাজিৰাত পীয়ূষ হাজৰিকাই আধাৰশিলাৰ স্থাপন কৰিলে"মহীয়সী জয়মতী স্মৃতিক্ষেত্ৰ"ৰ

অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি আৰু কেইবাগৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি আৰু কেইবাগৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি আৰু কেইবাগৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহাসিক মাদুৰীত আজি  মহীয়সী জয়মতী স্মৃতিক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ আহোম জনগোষ্ঠী উন্নয়ন পুঁজি সমিতিৰ উদ্যোগত জয়মতী স্মৃতি দিৱস স্থায়ী সমিতি, বৃহত্তৰ মাদুৰী মেছাগড়বাসী ৰাইজৰ সহযোগত নাজিৰাৰ মাদুৰীত যোৱা ২৭ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৩৪৪সংখ্যক জয়মতী স্মৃতি দিৱসৰ আজি দ্বিতীয় দিনা জয়মতীৰ জন্মস্থান মাদুৰীত নিৰ্মাণ হ'ব লগা "মহাসতী জয়মতী স্মৃতিক্ষেত্ৰ"ৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকাই৷

জয়া স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত অসম চৰকাৰে  ৪ কোটি পুঁজি মুকলি কৰি দিছে৷ এই উপলক্ষে আজি অনুষ্ঠিত আধাৰশিলা অনুষ্ঠান আৰু মুকলি সভাত আংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে ৷

উক্ত অনুষ্ঠানতে অসমৰ বহুকেইটা জাতীয় দল-সংগঠনৰ বিষয়ববীয়া, সমাজৰ হকে কাম কৰা বহুকেইজন বিশিষ্ট ব্যক্তি আৰু  কেইবাগৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

শেহতীয়া বাতৰি