নগাঁৱত পুনৰ ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পোৱা ঘটনাৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰিলে নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই। আজি নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত সভাত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰী গৰাকীক সংবাদ মাধ্যমে এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয়, "সংবাদ মাধ্যমৰ জৰিয়তে নগাঁৱত পুনৰ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ বিষয়ে জানিব পাৰিছো। আমাৰ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। মই নগাঁও জিলা প্ৰশাসনক ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ বাবে নিৰ্দেশ দিছো।"
উল্লেখযোগ্য যে, বিগত জুন মাহৰ শেষৰ ফালে পুনৰ নগাঁৱৰ বিভিন্ন স্থানত অবাধ হাঁৰত ড্ৰাগছৰ ব্যৱসায় চলাৰ সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল। নগাঁৱৰ ফাঁচী ৰোডত মুকলিকৈ ড্ৰাগছৰ সৰবৰাহ কৰা আৰু সেৱন কৰাৰ দৃশ্য বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল। ড্ৰাগছমুক্ত হোৱাৰ দিশে আগবঢ়া নগাঁৱত পুনৰ ড্ৰাগছৰ ঘাটি গঢ়ি উঠাৰ ক্ষেত্ৰত নগাঁও আৰক্ষীকে দোষাৰোপ কৰিছিল বিভিন্ন দল-সংগঠনে। আনকি একাংশ দূৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াই ড্ৰাগছৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে। অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ সংবাদ মাধ্যমত চৰ্চিত হোৱা নগাঁও আৰক্ষী বিগত দুই-তিনিমাহ ধৰি কিয় নিস্ক্ৰিয় হৈ পৰিল তাক লৈয়ো ৰাইজৰ মাজত প্ৰশ্ন উঠিছে। তেনে সময়তে নগাঁৱত ড্ৰাগছৰ ঘাটিয়ে পুনৰ গঢ় লৈ উঠা বিষয়টোত চৰম উদ্বেগ প্ৰকাশ কৰিছে নগাঁৱৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে।
ইপিনে ভাৰত বিৰোধী কাৰ্যকলাপ চলা সকলো মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰি পীয়ুষ হাজৰিকাই কয়, "মাদ্ৰাছাৰ বিৰুদ্ধে আমাৰ একো ক'বলগীয়া নাই। কিন্তু যিসমূহ মাদ্ৰাছাত ভাৰত বিৰোধী কাৰ্যকলাপ সংঘটিত হয় তেনে মাদ্ৰাছা সমূহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱা হ'ব।"
Published by: Kokil Sarma
FIRST PUBLISHED : August 04, 2022, 00:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|