এই জাৱৰসমূহ কোনে লৈ যাব? – যোৰহাট নগৰৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে হঠাৎ কঠোৰ হ’ল মন্ত্ৰী পীযূষ হাজৰিকা

যোৰহাট নগৰত বিগত কেইবামাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে যদিও ডাষ্টবিনবিহীন নগৰখনত পথৰ কাষত পৰি থকা জাবৰসমূহ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে মন্ত্ৰীগৰাকী।
যোৰহাট নগৰত বিগত কেইবামাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে যদিও ডাষ্টবিনবিহীন নগৰখনত পথৰ কাষত পৰি থকা জাবৰসমূহ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে মন্ত্ৰীগৰাকী।
- News18 Assam
- Last Updated: September 10, 2020, 10:24 PM IST
যোৰহাট নগৰত বিগত কেইবামাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে যদিও ডাষ্টবিনবিহীন নগৰখনত পথৰ কাষত পৰি থকা জাবৰসমূহ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে মন্ত্ৰীগৰাকী। নগৰখনৰ বহু স্থানত পথৰ কাষত পৰি থকা জাবৰসমূহ প্ৰত্যক্ষ কৰি এই সন্দৰ্ভত সংশ্লিষ্ট লোকসকলৰ পৰা উত্তৰ বিচাৰে মন্ত্ৰীগৰাকীয়ে।
"এই জাবৰসমূহ কোনে লৈ যাব? এই দায়িত্ব যাক দিয়া হৈছে তেওলোকেই নিব লাগিব। আজি জমা হোৱা জাবৰখিনি লৈ গৈছে যদিও পুৰণা জাবৰবোৰ কিয় থৈ গৈছে? বহু ঠাইত ৫০ শতাংশ জাবৰ পৰি ৰৈছে পথৰ কাষত।", পথৰ কাষত পৰি থকা জাবৰসমূহ প্ৰত্যক্ষ কৰি ইয়াৰে জড়িত লোকসকলক এনেদৰে জবাবদিহি কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
কিন্তু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ ব্যৱসায়ী সমাজে। উল্লেখযোগ্য যে যোৰহাট পৌৰসভাই যোৰহাট নগৰখন ডাষ্টবিনমুক্ত চহৰ ৰূপে গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে। নগৰখনৰ অধিকাংশ স্থানতে নাই ডাষ্টবিন। তাৰ বিপৰীতে ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ ব্যৱস্থা হাতত লোৱা হৈছে আৰু ইয়াৰ দায়িত্ব দিয়া হৈছে একাংশ এন জি অ'ক। আৰু ইয়াৰ বাবে প্ৰতি মাহে ধাৰ্য কৰা হৈছে ৫০ টকাৰ পৰা ৩০০০ টকা পৰ্যন্ত মাচুল। আৰু ইয়াকে লৈ নগৰবাসী তথা ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কাৰণ অভিযোগ অনুসৰি নিয়মিতভাৱে এন জি অ'সমূহে সংগ্ৰহ নকৰে জাবৰ।
বহু ঠাইত কেইবাদিনলৈকে জাবৰ সংগ্ৰহ নকৰাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে নাগৰিকসকল। আনহাতে, ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ বছৰেকীয়া মাচুল তথা হল্ডিং টেক্স দিয়াৰ পিছত জাবৰ নিষ্কাশনৰ বাবে অত্যধিক হাৰত মাচুল নিৰ্ধাৰণ কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপাৰ আছাম চেম্বাৰ্ছ অব কমাৰ্চে।
‘‘নগৰৰ বহু ঠাইত দৈনিক ঘৰৰ পৰা জাবৰ সংগ্ৰহ কৰিবলৈ নাহে। আনহাতে, ইয়াৰ বাবে অত্যধিক হাৰত মাচুল ধাৰ্য কৰা হৈছে। আমি সকলোৱে নগৰখন পৰিস্কাৰ হৈ থকাটো বিচাৰো আৰু নিৰ্দিষ্ট হাৰত মাচুল পৰিশোধ কৰিবলৈয়ো ৰাজী। কিন্তু জাবৰ সংগ্ৰহৰ কামটো পেছাদাৰী লোকৰ হাতত অৰ্পণ কৰিব লাগে। আমি মন্ত্ৰী পীযূষ হাজৰিকা ডাঙৰীয়াক এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছো।", আপাৰ আছাম চেম্বাৰ্ছ অব কমাৰ্চৰ সম্পাদক ডুলিচান্দ আগৰৱালাই এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।