বৰচিং টিচুৰ পত্নীক চৰকাৰী সংস্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷
বৰচিং টিচুৰ পত্নীক চৰকাৰী সংস্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷
সোণাইকুছি বনাঞ্চলৰ এক ভিতৰুৱা আৰু অতিকৈ দুৰ্গম অঞ্চল৷ যি স্থানত বন বিভাগৰ এনকাউণ্টাৰত নিহত হৈছিল জাগীৰোডৰ কুুঠুুবৰী কাৰ্বি গাঁৱৰ বৰচিং টিচু নামৰ এজন লোক৷ আনহাতে আহত হৈছিল ৰাজীৱ চিংনাৰ নামৰ আন এজন৷
সেই দুৰ্গম স্থানত বৃহস্পতিবাৰে উপস্থিত হয় বিভিন্ন দল–সংগঠনৰ নেতৃবৃন্দ আৰু সাংবাদিকৰ এটা দল৷ উৎকোচ লৈ বনাঞ্চলৰ গছ কাটিবলৈ অনুমতি প্ৰদান কৰি পৰৱৰ্তী সময়ত বনকৰ্মীয়ে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে৷
এনকাউণ্টাৰ কৰা উক্ত স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় দল সংগঠনৰ নেতৃত্বই৷ সমগ্ৰ ঘটনা পৰিকল্পিত আৰু ৰহস্যৰ আৱৰ্তত বুলি মন্তব্য কৰে দল–সংগঠন নেতৃবৃন্দ তথা স্থানীয় লোকে৷ আনহাতে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু নিহতৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী জনাইছে সকলোৱে৷
ইফালে জাগীৰোডৰ কুঠুৰীত বনকৰ্মীৰ গুলীত নিহত বৰচিং টিচুৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা৷ নিহতৰ পৰিয়াললৈ ব্যক্তিগতভাৱে ১ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে৷ লগতে বৰচিং টিচুৰ পত্নীক চৰকাৰী সংস্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷
ঘটনাৰ ন্যায়িক তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰে আলোচনা আৰু উচিত তদন্তৰ আশ্বাস দিয়াৰ লগতে আহত ৰাজীৱ চিংনাৰকো আৰ্থিক সাহাৰ্য প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই৷
মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় সমাজসেৱক তথা উদ্যোগপতি জীৎ নাৰায়ণ শ্ৰীবাস্তৱ, জনগোষ্ঠীয় নেতা ৰিমল আমচি, সমাজসেৱক থানেশ্বৰ ডেকা, ধৰমতুল জিলা পৰিষদৰ সদস্য পল্লৱ বৰদলৈ, জাগীৰোড মণ্ডল বিজেপিৰ সভাপতি প্ৰবীন ডেকাৰ লগতে দলীয় কৰ্মকৰ্তা সকলে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|