হোজাই জিলাৰ কাকী ৰবৰবাগানৰ বেদখল হোৱা ভূমি পৰিদৰ্শন কৰি বেদখলকাৰীক উঠি যাবলৈ এসপ্তাহৰ সময় দিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কাকীৰ তিনিহাজাৰ বিঘা নামৰ অঞ্চলটোত থকা ভূমি সংৰক্ষণ বিভাগৰ ৰবৰবাগানৰ বেদখলৰ বুজ লয় মন্ত্ৰী হাজৰিকাই।
ৰবৰবাগানৰ ৩০০ বিঘা ভূমিত ১৫ টা পৰিয়ালে ঘৰ সাজি বেদখল কৰা ২৫০ বিঘা ভূমি পৰিদৰ্শন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই বেদখলকাৰীক দিলে সকীয়নী । লগতে ৰবৰবাগানৰ গছ কাটি ভূমি বেদখলেৰে খেতি বাতি কৰাটো অতি দুখজনক বুলিও কৰিলে মন্তব্য। ইয়াৰ উপৰি তেওঁ কয় যে "বেদখলকাৰী সকলক ৬ জুনত উচ্ছেদ কৰা হৈছিল যদিও পুনৰ তেওঁলোকে ভূমিখিনি বেদখল কৰিবলৈ চেষ্টা চলাই থাকিলেও বহিবলৈ দিয়া নহ'ব।"
"খেতি কৰাত আপত্তি নাই যদিও চৰকাৰী বাগান ধ্বংস কৰি খেতি কৰাৰ সাহস ক'ৰ পালে" বুলিও কৰে প্ৰশ্ন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই । বেদখলকাৰীৰ কৱলত থকা মাটিখিনি সম্পূৰ্ণ ঘূৰাই লোৱাৰ হুংকাৰ দি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ইয়াৰ বাবে নিৰ্দেশ দিছ বুলি কয় মন্ত্ৰীগৰাকীয়।
চৰকাৰী ভূমি বেদখল কৰা লোকসকলক এসপ্তাহৰ ভিতৰতত উঠি যাবলৈ নিৰ্দেশ দিয়াৰ লগতে উঠি নগ'লে অষ্টম দিনাৰ পৰা বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলোৱা হ'ব বুলি সকীয়াই দিয়ে। সেই সময়ত কোনোবাই মাটি ক্ৰয় কৰাৰ দলিল দেখালেও তেওঁলোকৰ বিৰুদ্ধে গোচৰ লোৱা হ'ব বুলিও মন্তব্য কৰে। তেওঁ আৰু কয় যে "আমি এই ঠাইডোখৰত নতুন পৰিকল্পনা ল'ম, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সকলো চৰকাৰী ভূমি বেদখলমুক্ত কৰা হ'ব বুলিও কৰে মন্তব্য।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|