জ্যেষ্ঠ সাংবাদিক প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আজি মন্ত্ৰী পীযুষ হাজৰিকাই এক লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ সৈতে হোৱা আলোচনা মৰ্মে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ব্যক্তিগতভাৱে এই সাহায্য আগবঢ়ায় প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পত্নী জোনটি বৰাক। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক এই বদন্যতাৰ বাবে প্ৰয়াত সাংবাদিকগৰাকীৰ পত্নী জোনটি বৰাই ধন্যবাদ জ্ঞাপন কৰিছে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পূৰ্বজ্যোতি চুতীয়াৰ ২০২১ চনত ৫২ বছৰ বয়সত গুৱাহাটীত অসুস্থ হৈ আকস্মিক মৃত্যু ঘটে। তেওঁ ৰাজ্যখনৰ কেইবাটাও আগশাৰী সংবাদগোষ্ঠীৰ সৈতে জড়িত আছিল। আজি, দৈনিক বাতৰি কাকত, আমাৰ অসম, জনসাধাৰণ, নিয়মীয়া বাৰ্তা আদি কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰিছিল প্ৰয়াত চুতীয়াই। মৃত্যুৰ সময়লৈকে তেওঁ নিয়মীয়া বাৰ্তা কাকতত নিউজ এডিটৰ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে জ্যেষ্ঠ সাংবাদিক চুতীয়া জনসাধাৰণ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : March 15, 2023, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।