জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ই আজি দিছপুৰৰ জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগটোৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত ৰাজ্যখনত শেহতীয়াকৈ হোৱা বানপানী (Assam Flood)ৰ বিষয়ত এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ প্ৰথমতে মন্ত্ৰী হাজৰিকাই বিভাগৰ মুখ্য অভিযন্তা আৰু আন বিষয়াৰ পৰা শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা সমষ্টিসমূহৰ বিষয়ে বিষদভাৱে খতিয়ান লয় ৷
বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মথাউৰি (Embankment) নিৰ্মাণৰ বিষয়ে আলোচনা কৰি মন্ত্ৰী হাজৰিকাই বিভাগীয় অভিযন্তাৰ পৰা আজিৰ ভিতৰতে সমষ্টি অনুসৰি ক্ষতি হোৱা অথবা নিৰ্মাণৰ প্ৰয়োজন হোৱা মথাউৰিৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ হোজাই, ৰঙিয়া, বৰহমপুৰ, তামুলপুৰ, কমলপুৰ, ছিপাঝাৰ, নলবাৰি, বজালি, বৰমা, পাটাচাৰকুচী, ভৱানীপুৰ, যমুনামূখ, নগাঁও, বৰক্ষেত্ৰী, হাজো আদিকে ধৰি মধ্য আৰু নামনি অসমৰ লগতে বৰাক উপত্যকা (Barak Valley)ৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ মথাউৰিৰ সবিশেষ বিভাগক দিনটোৰ ভিতৰতে সাজু কৰি মন্ত্ৰীগৰাকীক জনাবৰ বাবে তেঁও নিৰ্দেশ দিয়ে ৷
আনহাতে মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে প্ৰতি ৫ অথবা ৬ কিল’মিটাৰৰ অন্তত মথাউৰিসমূহত শ্লুইছ গেট বনোৱাৰ কথাটো প্ৰযুক্তিগতভাৱে অধ্যয়ন কৰিবৰ বাবেও মন্ত্ৰী হাজৰিকাই বিভাগীয় অভিযন্তাক আহ্বান জনায় ৷
আজিৰ পৰ্যালোচনা বৈঠকতে মন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ বিভাগ আৰু জলসম্পদ বিভাগ (Water Resource Department)ৰ যুটীয়া উদ্যোগত নিৰ্মাণ হ’ব লগা পকী মথাউৰি তথা পথৰ অগ্ৰগতিৰ বিষয়েও বিভাগীয় বিষয়াৰ পৰা বুজ লয় ৷ বৈঠকত ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, লোক নিৰ্মাণ পথ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ লগতে আন বিষয়াসকল উপস্থিত আছিল ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|