• Home
  • »
  • News
  • »
  • assam
  • »
  • Pijush Hazarika: বানপানীত আক্ৰান্তক ৫ ঘণ্টাৰ ভিতৰত সাহাৰ্য প্ৰদানৰ নিৰ্দেশ, সকলো বিভাগক মিলি কাম কৰিবলৈ আহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

Pijush Hazarika: বানপানীত আক্ৰান্তক ৫ ঘণ্টাৰ ভিতৰত সাহাৰ্য প্ৰদানৰ নিৰ্দেশ, সকলো বিভাগক মিলি কাম কৰিবলৈ আহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আবাস যোজনা আদি জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে

জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আবাস যোজনা আদি জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে

জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আবাস যোজনা আদি জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে

  • Share this:
অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা নগাঁও আৰু শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি কলিয়াবৰ মহকুমা আৰু শোণিতপুৰ জিলাত উপস্থিত হৈ প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ।

বৈঠকত মন্ত্ৰীগৰাকীয়ে মহকুমাটোত বিশেষকৈ জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয় । জল জীৱন মিছ্যনৰ অধীনত পানী যোগান ব্যৱস্থাৰ বুজ লৈ এই ক্ষেত্ৰত শীঘ্ৰে বাকী থকা কামবোৰ সমাপ্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা  অমৃত সৰোবৰ আঁচনিৰ অধীনত কলিয়াবৰত হ'বলগা কামৰ অগ্ৰগতিৰ বুজ লৈ এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ তেওঁ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । আনহাতে অংগনৱাড়ী কেন্দ্ৰসমূহৰ সুপৰিচালনাৰ বাবেও গুৰুত্ব দিবলৈ তেওঁ মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

কলিয়াবৰৰ পৰা পোনে পোনে মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকা শোণিতপুৰ জিলাৰ তেজপুৰত উপস্থিত হৈ বিধায়ক পদ্ম হাজৰিকা আৰু কৃষ্ণ কমল তাঁতীৰ উপস্থিতিত জিলা প্ৰশাসন আৰু আন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা সভাত অংশ লয় । বিগত সময়ত চৰকাৰৰ উদ্যোগত কৃষকৰ পৰা উচিত মূল্যত ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলাৰ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত খিলঞ্জীয়া কৃষকসকলে এই সুবিধা গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা লবৰ বাবে প্ৰশাসনক আহ্বান জনায় ।

শোণিতপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ কামৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত অধিক গুৰুত্ব দি কাম কৰিবলৈ বিভাগীয় বিষয়াক আহ্বান জনায় যাতে জিলাখনত সকলো লোকৰে পকী বাসগৃহ সুনিশ্চিত কৰিব পৰা যায় ।

আনহাতে বানপানীৰ সময়ত সকলো বিভাগকে একেলগে  কাম কৰিবলৈ আহ্বান জনাই মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে যিদৰে বানপানীৰ সময়ত প্ৰয়োজনসাপেক্ষে জলসম্পদ বিভাগে পঞ্চায়ত অথবা আন বিভাগে নিৰ্মাণ কৰা বান্ধত জৰুৰী কাম কৰিব লাগিব সেইদৰে আন বিভাগেও এই সময়ত অন্য বিভাগৰ কামত সহায় কৰি বানৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ প্ৰয়াস কৰিব লাগিব । আজিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত প্ৰথম ৫ ৰ পৰা ৭ ঘণ্টাৰ ভিতৰত সাহাৰ্যসামগ্ৰী, ঔষধ আদিৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি