ৰাজনীতিৰ ন্যূনতম জ্ঞানো নাই কমল মেধিৰ, প্ৰথমে ৰাজনীতিৰ জ্ঞান লওক – কিয় ক’লে পীযূষ হাজৰিকাই?

কংগ্ৰেছ আৰু এআইইউডিএফ দলকো কঠোৰ ভাষাৰে সমালোচনা কৰে পীযূষ হাজৰিকাই৷
কংগ্ৰেছ আৰু এআইইউডিএফ দলকো কঠোৰ ভাষাৰে সমালোচনা কৰে পীযূষ হাজৰিকাই৷
- News18 Assam
- Last Updated: January 5, 2021, 5:01 PM IST
উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যি সমষ্টিতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অখিল গগৈয়েও সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰিছিল কমল মেধিয়ে৷ যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এগৰাকী জনগোষ্ঠীয় ব্যক্তি, সেয়ে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব৷ কিন্তু সেই সমষ্টিত সাধাৰণ শ্ৰেণীৰ ব্যক্তি অখিল গগৈ কেনেদৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে৷
ইফালে, কংগ্ৰেছ আৰু এআইইউডিএফ দলকো কঠোৰ ভাষাৰে সমালোচনা কৰে পীযূষ হাজৰিকাই৷ অখিল গগৈ নামৰ ইনজেকচন ন’ললে হেনো চলিব নোৱাৰে কংগ্ৰেছ-এআইইউডিএফ দলে৷ বিটিচি আৰু তিৱা স্বায়ত্ত পৰিষদীয় নিৰ্বাচনত এখনকৈ আসনৰ উদ্ধৃতি দি কংগ্ৰেছ দলে বিগত সময়ত ৰাইজৰ বাবে কাম নকৰাৰ প্ৰত্যুত্তৰ ৰাইজে প্ৰতিটো নিৰ্বাচনত দি আছে বুলি কটাক্ষ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷ লগতে অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ লগে লগে কংগ্ৰেছৰ আৰু এখন আসনত বিজেপিৰ হাতলৈ আহিল বুলিও কয় পীযূষ হাজৰিকাই৷
উল্লেখ্য যে মঙ্গলবাৰে জাগীৰোডৰ জাগীভকতগাওঁ সমূহীয়া ভৱনত অনুষ্ঠিত এক সভাত অগপ আৰু কংগ্ৰেছ দলৰ পৰা প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷