ওলোটাই মন্ত্ৰী হাজৰিকাই কয় যে কোনটো মাইক্ৰ’ ফাইনেঞ্চৰ ইছ্যু তেওঁলোকৰ আছিল?
ওলোটাই মন্ত্ৰী হাজৰিকাই কয় যে কোনটো মাইক্ৰ’ ফাইনেঞ্চৰ ইছ্যু তেওঁলোকৰ আছিল?
কংগ্ৰেছৰ ইছ্যু হাইজেক কৰি বিজেপিয়ে নিৰ্বাচন জয় কৰা বুলি ৰিপুণ বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই ৷ মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মাফ কৰা ইছ্যুটো কংগ্ৰেছৰ পৰা বিজেপিয়ে হাইজেক কৰিছে বুলি ৰিপুণ বৰাই সংবাদ মাধ্যমত কৰা মন্তব্য কৰাৰ পিছত পীযূষ হাজৰিকাই ওলোটাই প্ৰশ্ন কৰিলে ৰিপুণ বৰাক৷
ওলোটাই মন্ত্ৰী হাজৰিকাই কয় যে কোনটো মাইক্ৰ’ ফাইনেঞ্চৰ ইছ্যু তেওঁলোকৰ আছিল? নিৰ্বাচনৰ আগত সংবাদমেলত ৰিপুণ বৰাই কৈছিল এতিয়া কৈ দিওঁ ইলেকচনৰ পিছত যি হয় দেখা যাব সেইটো ইছ্যু নেকি? ৰিপুণ বৰাৰ নিচিনা মানুহেহে ইমান ফাকি কথা ক’ব পাৰে, ৰাইজক অসন্মান কৰিব পাৰে৷ সংবাদমেল দিয়াৰ আগত কি ফাকি কথা ক'ব আলোচনা কৰি থকা ভাষ্যৰ যে ভিডিঅ’ দেখা পাইছিলো সেইটো প্ৰতিশ্ৰুতি নেকি বুলি মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে ৰিপুণ বৰাক৷ যদি নিৰ্বাচনৰ আগত দিয়া সেইটো প্ৰতিশ্ৰুতি তেতিয়াহলে মোৰ ক’বলগীয়া একো নাই বুলিও লগতে মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে৷
আজি বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বিভিন্ন বিভাগৰ সৈতে হোৱা কাম–কাজৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি সংবাদমেলত এইদৰে কয় বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই৷ ইয়াৰোপৰি পুষ্টিহীনতাত ভোগা বিশ্বনাথৰ ৫০টি শিশুক বাচনি কৰি অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে চৰকাৰী খাদ্যৰ টোপোলা যোগান ধৰাৰ ব্যৱস্থা চৰকাৰে কৰিব বুলি উল্লেখ কৰি এই কামৰ শুভাৰম্ভ অহা ১৫ দিনৰ পিছতেই আৰম্ভ হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই৷
তিনিঘণ্টা ধৰি চলা পৰ্যালোচনা সভাখনত সাংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰাকে ধৰি প্ৰতিটো বিভাগৰ বিষয়ববীয়া আৰু প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলো উপস্থিত আছিল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|