‘বিয়া পাতিবলৈহে আছু ত্যাগ কৰিছে লুৰিণ জ্যোতি গগৈয়ে’- কটাক্ষ মন্ত্ৰী পীযূষ হাজৰিকাৰ

ঘোষণা হ’ল তিৱা স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ দিন
ঘোষণা হ’ল তিৱা স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ দিন
- News18 Assam
- Last Updated: November 22, 2020, 8:46 PM IST
সভাত সদ্য পদত্যাগী আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিৰ বিৰুদ্ধে তীৰ্যক মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ ৷ “বিয়া পাতিবলৈহে আছুৰ পৰা পদত্যাগ কৰিছে লুৰিণজ্যোতি গগৈয়ে ৷ ৰাজনীতিত কি প্ৰভাৱ পেলাব সেয়া এবছৰৰ পিছতহে গম পোৱা যাব বুলি তীৰ্যক মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই ৷
ইফালে সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে সাহিত্যিক তথা সততে বিজেপিক সমালোচনা কৰি সংবাদ শিৰোনাম দখল কৰা শিখা শৰ্মাকো সমালোচনা কৰে ৷ এআইইউডিএফ আৰু বদৰুদ্দিন আজমলক সমৰ্থন তথা বৰপীৰা পাৰি দিব খোজা শিখা শৰ্মাক জাতিদ্ৰোহী আৰু অসমৰ প্ৰকৃত বদন আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷