প্ৰদ্যুত্‍ বৰদলৈ কুলি চৰাইৰ দৰে, ‘পেডেল মৰা’ আৰু ‘টেক্সী চলোৱা’ মানুহক লৈ মনোৰঞ্জন দিছে ৰিপুণ বৰাই

News18 Assam | News18-Assam
Updated:December 14, 2020, 11:12 PM IST
প্ৰদ্যুত্‍ বৰদলৈ কুলি চৰাইৰ দৰে, ‘পেডেল মৰা’ আৰু ‘টেক্সী চলোৱা’ মানুহক লৈ মনোৰঞ্জন দিছে ৰিপুণ বৰাই
‘প্ৰদ্যুৎ বৰদলৈ বসন্তৰ কুলি চৰাইৰ দৰে। নিৰ্বাচন আহিলেই মোক গালি পাৰিবলৈ ৰাইজৰ ওচৰলৈ আহে।’-পিয়ুষ হাজৰিকা

‘প্ৰদ্যুৎ বৰদলৈ বসন্তৰ কুলি চৰাইৰ দৰে। নিৰ্বাচন আহিলেই মোক গালি পাৰিবলৈ ৰাইজৰ ওচৰলৈ আহে।’-পিয়ুষ হাজৰিকা

  • News18 Assam
  • Last Updated: December 14, 2020, 11:12 PM IST
  • Share this:
‘প্ৰদ্যুৎ বৰদলৈ বসন্তৰ কুলি চৰাইৰ দৰে। নিৰ্বাচন আহিলেই মোক গালি পাৰিবলৈ ৰাইজৰ ওচৰলৈ আহে। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ সভালৈ আহি দুৰ্ঘটনাগ্ৰস্ত হোৱা কংগ্ৰেছী কৰ্মীৰ চিকিৎসাৰ দায়িত্ব মই লৈছো। কাৰণ সেইসকলৰ খবৰ ল'বলৈ আহৰি নাই প্ৰদ্যুৎ বৰদলৈৰ।’- এইদৰে সোমবাৰে জাগীৰোড আৰু ধৰমতুলত আয়োজিত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই।

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত তেওঁৰ সমষ্টিৰ ১০টাতে বিজেপিয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক তীব্ৰ কটাক্ষ কৰি কয়, ‘কংগ্ৰেছ এতিয়া নাচ, গান কৰা দলহে। সভাত মানুহ নহয় কাৰণে ৰিপুণ বৰাই লগত পেডেল মৰা আৰু শ্বিলঙলৈ টেক্সি চলোৱা মানুহক লগত লৈ মনোৰঞ্জন দিয়াৰ চেষ্টা কৰে। পিছে তেঁওলোকক এতিয়া আৰু মানুহে নিবিচাৰে।’

আনহাতে কংগ্ৰেছৰ সৈতে মিত্ৰতাত আৱদ্ধ হোৱা AIUDFকো তীব্ৰ সমালোচনা কৰি পিয়ুষ হাজৰিকাই কয়, ‘আমি আজমলৰ সপোন কোনো কাৰণতে সাৰ্থক হ'বলৈ নিদিও। আপোনালোকে অসমীয়াক বেয়া পোৱা কংগ্ৰেছ আৰু AIUDFক বৰ্জন কৰক।’

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনৰ পৰাই ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু সাংসদ প্ৰদ্যুত্‍ বৰদলৈৰ মাজত তীব্ৰ ৰূপ ধাৰণ কৰিছে বাকযুদ্ধই।
Published by: Himangshu Bhuyan
First published: December 14, 2020, 11:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি