বিৰোধী কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে কংগ্ৰেছৰ বাবেই দীৰ্ঘদিন ধৰি সমাধান হোৱা নাছিল সীমা সমস্যা।
বিৰোধী কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে কংগ্ৰেছৰ বাবেই দীৰ্ঘদিন ধৰি সমাধান হোৱা নাছিল সীমা সমস্যা।
মেঘালয়ৰ সৈতে থকা সীমা বিবাদক লৈ মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মেঘালয়ৰ সৈতে থকা সীমা সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হৈছে৷ সিদ্ধান্ত লোৱা হোৱা নাই। লোকসভা আৰু ৰাজ্যসভাত বিল পাছ হ'লেহে সমাধান হ'ব। সীমান্তবাসী ৰাইজৰ মতামত লোৱা হৈছে। কংগ্ৰেছে ৰাজনীতি কৰি আছে, কংগ্ৰেছৰ দিনতে সমস্যা সমাধান হ'ব লাগিছিল৷ কংগ্ৰেছে কেৱল ৰাজনীতি কৰে৷ সীমান্তবাসীৰ সমস্যা সমাধান নিবিচাৰে৷ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন নিবিচাৰে কংগ্ৰেছে৷ আমি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছো৷ কংগ্ৰেছে বিচাৰে অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ লগত কাজিয়া লাগি থকাটো বিচাৰে৷’’
‘‘অসম–মেঘালয় সীমা সমস্যাৰ ওপৰত আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক দিব প্ৰতিবেদন। সীমান্তৰ ৰাইজৰ আবেগক আগস্থান দি বিবাদ মীমাংসাৰ দিশে দুয়ো ৰাজ্য। ৰাইজৰ মতামত, ৰাজনৈতিক অ–ৰাজনৈতিক দল–সংগঠনৰ মতামত লৈ সাজু প্ৰতিবেদন।’’ – ক’লে পীযূষ হাজৰিকাই।
বিৰোধী কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে কংগ্ৰেছৰ বাবেই দীৰ্ঘদিন ধৰি সমাধান হোৱা নাছিল সীমা সমস্যা। কংগ্ৰেছে ৰাজনীতি কৰিবৰ বাবে সমস্যা জীয়াই ৰাখিব বিচাৰে। সীমান্তৰ কিছু ৰাইজে অসমত আৰু কিছু ৰাইজ মেঘালয়ত থাকিব বিচাৰে। ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়া হৈছে। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধিতা কৰি লাভ নাই। সমস্যা সমাধান হ’ব দেশৰ লোকসভা আৰু বিধানসভাত। ভূপেন বৰা তিনিবাৰ হৰা মানুহ, প্ৰথমে ৰাইজৰ মেনডেট লৈ জিকি আহক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|