নগাঁও লোকসভা সমষ্টিৰ ৰাইজে এতিয়া পস্তাইছে: পীয়ুষ হাজৰিকা
নগাঁও লোকসভা সমষ্টিৰ ৰাইজে এতিয়া পস্তাইছে: পীয়ুষ হাজৰিকা
"নগাঁও লোকসভা সমষ্টিৰ ৰাইজে এতিয়া পস্তাইছে। কেৱল ধুনীয়া ধুনীয়া কথা ক'ব জানিলেই নহ'ব। ৰাইজক লাগে কাম কৰা মানুহ। সেয়েহে অহাবাৰ লোকসভা নিৰ্বাচনৰ বাবে নগাঁৱৰ ৰাইজ সাজু হৈছে। অৱশ্যে এতিয়াও লোকসভা নিৰ্বাচনলৈ হাতত বহু সময় আছে।"- এই মন্তব্য জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ।
নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰি বুধবাৰে নগাঁও সদৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে, নগাঁও জিলাৰ বিভিন্ন ভেকচিনেশ্যন শিবিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, 'অহা ডিচেম্বৰৰ ভিতৰত সমগ্ৰ অসমতে ভেকচিনেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব।' আনহাতে নগাঁৱৰ চহৰাঞ্চলত কৈ গ্ৰামাঞ্চলত কোভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে বুলিও জনাই মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী হাজৰিকাৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীও এই কাৰ্যসূচীত উপস্থিত থাকে। পীযুষ হাজৰিকাই বিধায়ক ৰূপক শৰ্মাক লগত লৈ নগাঁও মহাবিদ্যালয়, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু অম্লান গোষ্ঠীত চলি থকা ভেকচিনেশ্যন শিবিৰত উপস্থিত হৈ স্বাস্থ্যকৰ্মীসকলক উৎসাহ প্ৰদান কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|