কংগ্ৰেছ নেতাই ব্যৱহাৰ নকৰে ‘খিলঞ্জীয়া’ শব্দ – কিয় ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই?

News18 Assam | News18-Assam
Updated:October 5, 2020, 4:47 PM IST
কংগ্ৰেছ নেতাই ব্যৱহাৰ নকৰে ‘খিলঞ্জীয়া’ শব্দ – কিয় ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই?
উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও৷

  • Share this:
খিলঞ্জীয়াৰ হকে কোনো আঁচনি নাই কংগ্ৰেছত৷ কংগ্ৰেছী নেতাই ব্যৱহাৰ নকৰে খিলঞ্জীয়া শব্দটো৷ এইবাৰ নিৰ্বাচনত ‘খিলঞ্জীয়া’ শব্দটো লিখি এখন আঁচনি ঘোষণা কৰিবলৈ কংগ্ৰেছক প্ৰত্যাহ্বান মন্ত্ৰী পীযূষ হাজৰিকাৰ৷ ইফালে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ৷ পীযূষ হাজৰিকাই কয় – আজমলে এতিয়া  কৈছে মুখ্যমন্ত্ৰী হ’ব তৰুণ গগৈ, কিন্তু যেতিয়া নিৰ্বাচনৰ পিছত দুয়োটা দলতে বাংলাদেশী মূলৰ সংখ্যালঘু বিধায়কৰ সংখ্যা বৃদ্ধি পাব তেতিয়া ক’ব যে কোনোবা আলী, হুছেইন হ’ব লাগিব মুখ্যমন্ত্ৰী৷’

সোমবাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোডত অনুষ্ঠিত হোৱা ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷

উল্লেখ্য যে মৰিগাঁও জিলাৰ কেইবাটাও ৰাজহ চক্ৰৰ অধীনৰ মুঠ ১৬২৮ গৰাকী ভূমিহীন লোকক প্ৰদান কৰা হয় ভূমি পট্টা৷ ইফালে উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও৷

ৰাজ্যত গঠন হৈ থকা নতুন ৰাজনৈতিক দলসমূহ বিজেপিৰ সহায়ক হ’ব বুলি মন্তব্য ৰমাকান্ত দেউৰীৰ৷ দেউৰীৰ মতে, যিমান ৰাজনৈতিক দল গঠন হয়, সিমান লাভান্বিত হ’ব বিজেপি৷ কাৰণ সেই ৰাজনৈতিক দলবোৰৰ ভোট হ’ব ভাগ৷ যাৰ বাবে আগন্তুক নিৰ্বাচনত জয়ী হ’ব বিজেপি৷
Published by: Sanjay Kumar Das
First published: October 5, 2020, 4:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি