‘বদৰুদ্দিন আজমলৰ ৰঙা চকুলৈ কেৰেপ নকৰো, আজমলৰ লগত যুঁজি যাম, প্ৰয়োজনত জে’ল খাম’ – কিয় ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই

News18 Assam | News18-Assam
Updated:January 8, 2021, 4:48 PM IST
‘বদৰুদ্দিন আজমলৰ ৰঙা চকুলৈ কেৰেপ নকৰো, আজমলৰ লগত যুঁজি যাম, প্ৰয়োজনত জে’ল খাম’ – কিয় ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই
নিৰ্বাচনলৈ প্ৰায় ৮০ দিন থকা অৱস্থাত মন্ত্ৰী পীযূষ হাজৰিকাৰ ভৱিষ্যদ্বাণী – ২০২১ত অসমত পুনৰ বিজেপিৰ নেতৃত্বতে গঠন হ’ব চৰকাৰ।

নিৰ্বাচনলৈ প্ৰায় ৮০ দিন থকা অৱস্থাত মন্ত্ৰী পীযূষ হাজৰিকাৰ ভৱিষ্যদ্বাণী – ২০২১ত অসমত পুনৰ বিজেপিৰ নেতৃত্বতে গঠন হ’ব চৰকাৰ।

  • Share this:
এআইইউডিএফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে ক’ৰ্টৰ নটিচ পঠিয়াইছে পীযূষ হাজৰিকালৈ। আজমলৰ সেই নটিচক মুঠেই কেৰেপ নকৰো বুলি কয় মন্ত্ৰী পীযূষ হাজৰিকাই। অসমীয়াৰ স্বাৰ্থত জে’ললৈ যাব তথাপিও তেওঁ আজমলক ভয় নকৰে বুলি জনায় News18ক। এআইইউডিএফৰ মুৰব্বীগৰাকীৰ লগতে কংগ্ৰেছকো সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

ইফালে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনৰ বতাহ। বিৰোধীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে গেৰুৱা দল বিজেপি। নিৰ্বাচনলৈ প্ৰায় ৮০ দিন থকা অৱস্থাত মন্ত্ৰী পীযূষ হাজৰিকাৰ ভৱিষ্যদ্বাণী – ২০২১ত অসমত পুনৰ বিজেপিৰ নেতৃত্বতে গঠন হ’ব চৰকাৰ।

অসমত বিজেপিৰ বিৰুদ্ধে শক্তিশালী বিৰোধী দল নাই বুলি কয় মন্ত্ৰী পীযূষ হাজৰিকাই। পীযূষ হাজৰিকাই কংগ্ৰেছ, এআইইউডিএফৰ লগতে নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো তীব্ৰ ভাষাৰে  সমালোচনা কৰে।
Published by: Sanjay Kumar Das
First published: January 8, 2021, 4:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি