Assam-Assembly : ‘আজমলৰ হাতত মহাজোঁটৰহে চাবি-কাঠি আছে, চৰকাৰ গঠনৰ চাবি-কাঠি নাই, কংগ্ৰেছৰে মিত্ৰতা কৰি এতিয়া অনুশোচনা হৈছে আজমলৰ’

News18 Assam | News18-Assam
Updated:March 31, 2021, 9:37 AM IST
Assam-Assembly : ‘আজমলৰ হাতত মহাজোঁটৰহে চাবি-কাঠি আছে, চৰকাৰ গঠনৰ চাবি-কাঠি নাই, কংগ্ৰেছৰে মিত্ৰতা কৰি এতিয়া অনুশোচনা হৈছে আজমলৰ’
পীযূষ হাজৰিকাই কয়, "আজিকালি হাগ্ৰামা মহিলাৰীহে মুখ্য অভিনেতা, প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ কাষত ৰৈ সহ অভিনেতাৰ ভাওহে দিয়ে।"

পীযূষ হাজৰিকাই কয়, "আজিকালি হাগ্ৰামা মহিলাৰীহে মুখ্য অভিনেতা, প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ কাষত ৰৈ সহ অভিনেতাৰ ভাওহে দিয়ে।"

  • Share this:
"আজমলৰ হাতত চৰকাৰ গঠনৰ চাবি-কাঠি নাই, মহাজোঁটৰহে চাবি-কাঠি আছে। পিছে কংগ্ৰেছৰে মিত্ৰতা কৰি এতিয়া অনুশোচনাত ভুগিছে আজমলে। কাৰণ কংগ্ৰেছৰে মিত্ৰতা নকৰা হ'লে আজমলে দুখনমান আসন বেছিকৈ পালেহেঁতেন।"- এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। গুৱাহাটীত সাংবাদিকৰে হোৱা কথা–বতৰাত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে।

আনহাতে মহাজোঁটে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩০খন আসন পাব বুলি আজমলে কৰা টুইট সন্দৰ্ভত পীযূষ হাজৰিকাই কয়, "তেঁওলোকৰ এজন জ্যেষ্ঠ নেতাই মোৰ এজন বন্ধুক ফোনযোগে দিয়া সমীক্ষা অনুসৰি, প্ৰথম পৰ্যায়ত তেঁওলোকে ১০খন আসনহে আশা কৰিছে। অৱশ্যে সেয়া তেওঁলোকৰহে আশা। প্ৰথম পৰ্যায়ত মিত্ৰজোঁটে ৩৭খন আসন পোৱাটো নিশ্চিত। দ্বিতীয় পৰ্যায়তো মিত্ৰজোঁটে খুব ভাল ফল প্ৰদৰ্শন কৰিব। তৃতীয় পৰ্যায়ত অৱশ্যে আজমলৰ মহাজোঁটে ধুবুৰী আৰু বৰপেটাত অলপ আসন পাব। কাৰণ সেইকেইটা সমষ্টিৰ ভোটবিন্যাসৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যেনেদৰে প্ৰথম পৰ্যায়ত ধিং-ৰূপহীৰ দৰে সমষ্টি আমি গণনাত ধৰা নাই।"

আনহাতে প্ৰদ্যুৎ বৰদলৈ আৰু হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি পীযূষ হাজৰিকাই কয়, "আজিকালি হাগ্ৰামা মহিলাৰীহে মুখ্য অভিনেতা, প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ কাষত ৰৈ সহ অভিনেতাৰ ভাওহে দিয়ে।"
Published by: Sanjay Kumar Das
First published: March 31, 2021, 9:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি