মই অখিল গগৈক পাত্তা নিদিওঁ, যদি দম আছে মোক হৰুৱাই দেখুৱাওক - মঙলদৈত ক’লে পীযূষ হাজৰিকাই

News18 Assam | News18-Assam
Updated:September 8, 2020, 9:12 PM IST
মই অখিল গগৈক পাত্তা নিদিওঁ, যদি দম আছে মোক হৰুৱাই দেখুৱাওক - মঙলদৈত ক’লে পীযূষ হাজৰিকাই
আগন্তুক বিধানসভা নিৰ্বাচনত উজনি অসমত বিজেপিয়ে অধিক আসন লাভ কৰিব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।

আগন্তুক বিধানসভা নিৰ্বাচনত উজনি অসমত বিজেপিয়ে অধিক আসন লাভ কৰিব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।

  • Share this:
সোমবাৰে সন্ধিয়া মঙলদৈত উপস্থিত হৈ অখিল গগৈক প্ৰত্যাহ্বান জনালে মন্ত্ৰী পীযূষ হাজৰিকাই। গুৱাহাটীৰ পিছত মঙলদৈ পৌৰ সভা এলেকাত নিশাৰ ভাগত চহৰখন পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে পৌৰ কৰ্মচাৰীক উৎসাহিত কৰিবলৈ উপস্থিত হয় বিভাগীয় মন্ত্ৰী পীযূষ হাজৰিকা। মঙলদৈ পৌৰসভাৰ কাৰ্যালয়ৰ পৰা চহৰৰ মাজেৰে গৈ কৰিমচক হৈ ভেৱাৰঘাটেৰে প্ৰায় ৬ কিলোমিটাৰ খোজ কাঢ়ি পৰিৱেশ পৰ্যবেক্ষণ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। সংগ দিলে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা BJPৰ সভাপতি অমৰ শৰ্মা, পৌৰসভাৰ বিষয়া–কৰ্মচাৰীৰ লগতে BJPৰ কৰ্মকৰ্তাসকলে।

মঙলদৈ পৌৰসভা কাৰ্যালয়ত উপস্থিত হৈ শীঘ্ৰেই সমগ্ৰ চহৰ পোহৰাই তোলাৰ কাৰণে চহৰখনত দুশটাকৈ নতুন ষ্ট্ৰীট লাইট স্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলিও জনালে বিভাগীয় মন্ত্ৰীগৰাকীয়ে।

অখিল গগৈয়ে সকলো আঞ্চলিক দল একেলগ হৈ প্ৰতিদ্বন্দ্বিতা কৰিলে BJP, কংগ্ৰেছ, AIUDF ধূলিসাত হ’ব বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযূষ হাজৰিকাই  কয় – " অখিল গগৈয়ে মোক সমষ্টিত হৰুৱাব নোৱাৰে, যদি দম আছে মোক হৰুৱাই দেখুৱাওক। ২০১১ চনৰ নিৰ্বাচনৰ পৰাই অখিল গগৈয়ে মোক হৰুওৱাৰ চেষ্টা কৰি আছে। তেওঁ দুখন মিটিং কৰিছে মই হাৰিছো নেকি? গতিকে মোক হৰুৱাব নোৱাৰে, BJPক হৰুৱাব নোৱাৰে। মই কোনো পাত্তা নিদিওঁ অখিল গগৈক। যদি দলে টিকট দিয়ে মোক হৰুৱাব নোৱাৰে । অহংকাৰ কৰা নাই বিনম্ৰতাৰে কৈছো।’’

আগন্তুক বিধানসভা নিৰ্বাচনত উজনি অসমত বিজেপিয়ে অধিক আসন লাভ কৰিব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: September 8, 2020, 9:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading