মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Pijush Hazarika Vs Akhil Gogoi : আজি আকৌ পীয়ুষ হাজৰিকাই ফুটালে অখিল বোমা! কাৰামুক্ত হোৱাৰ পিছতে অখিল গগৈক আক্ৰমণৰ লক্ষ্য পিয়ূষ হাজৰিকাৰ।

Pijush Hazarika Vs Akhil Gogoi : আজি আকৌ পীয়ুষ হাজৰিকাই ফুটালে অখিল বোমা! কাৰামুক্ত হোৱাৰ পিছতে অখিল গগৈক আক্ৰমণৰ লক্ষ্য পিয়ূষ হাজৰিকাৰ।

News18 Assam | News18-Assam
Updated:July 2, 2021, 1:40 PM IST
Pijush Hazarika Vs Akhil Gogoi : আজি আকৌ পীয়ুষ হাজৰিকাই ফুটালে অখিল বোমা! কাৰামুক্ত হোৱাৰ পিছতে অখিল গগৈক আক্ৰমণৰ লক্ষ্য পিয়ূষ হাজৰিকাৰ।
binary comment

"মেডিকেল (GMCH)ৰ  ডক্টৰেও ভয় খায় অখিল গগৈক", কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

  • Share this:
বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছৰ পৰাই অখিল গগৈক আক্ৰমণৰ টাৰ্গেট কৰি লৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। আজি পুনৰ অখিল গগৈৰ মুকলিক লৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে পীয়ুষ হাজৰিকাই।

পীয়ুষ হাজৰিকাই কয়, "অখিল গগৈ ডাঙৰ মানুহ। অখিল গগৈৰ হাত দীঘল। অখিল গগৈয়ে কাৰোবাক ফিটিং দি দীঘলীয়া সময় মেডিকেলত (GMCH) আছিল।"  ইমানেই নহয় "মেডিকেল (GMCH)ৰ  ডক্টৰেও ভয় খায় অখিল গগৈক" বুলি কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

উল্লেখ্য যে বৃহস্পতিবাৰে NIAৰ আদালতে দোষমুক্ত কৰাৰ পাছতে GMCHত চিকিৎসাধীন হৈ থকা অখিল গগৈক হাস্পতালৰ পৰাও মুকলি কৰি দিয়া হৈছিল। ইয়াৰ পাছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই সমালোচনা কৰি কৈছিল যে "অখিল গগৈ যদি ইমানেই অসুস্থ আছিল তেন্তে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ লগে লগেই চিকিৎসালয়ৰ পৰাও কেনেকৈ মুকলি হ'ল?"
Published by: Manjumoni Borah
First published: July 2, 2021, 1:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি