‘প্ৰতিদিনে ঘোষণা কৰিম নতুন আঁচনি, ২১ত আমাৰেই হ’ব চৰকাৰ, ৰিপুণ বৰাৰ শুকান মুখেই কয় কংগ্ৰেছৰ দুৰবস্থাৰ কথা’

যিমানেই ২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানে বৃদ্ধি পাইছে নেতাৰ মুখ চুপতি।
যিমানেই ২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানে বৃদ্ধি পাইছে নেতাৰ মুখ চুপতি।
- News18 Assam
- Last Updated: August 14, 2020, 4:33 PM IST
ৰিপুণ বৰাক আক্ৰমণৰ লক্ষ্য কৰি পীয়ুষ হাজৰিকাই কয় যে, ‘ৰিপুণ বৰাৰ শুকান মুখখনেই কয় কংগ্ৰেছৰ দুৰবস্থাৰ কথা ৷ কংগ্ৰেছৰ মানুহেই ৰিপুণ বৰাক বিশ্বাস নকৰে ৷ ৰিপুণ বৰা হতাশগ্ৰস্ত ব্যক্তি ৷ আবোল-তাবোল কথা কৈ ৰিপুণ বৰা এদিন নোহোৱা হৈ যাব ৷ কিয়নো আমি সপ্তাহত নহয় প্ৰতিদিনে আঁচনি ঘোষণা কৰিম আৰু সেই আঁচনি ৰূপায়নো কৰিম ৷ আগন্তুক ২১ত আমিয়েই চৰকাৰ গঠন কৰিম ৷’

উল্লেখ্য যে. শুকুৰবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্লাজমা দান কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু সাংসদ পল্লৱ লোচন দাস উপস্থিত আছিল৷