দ্ৰৌপদী মুৰ্মুক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে অখিল গগৈয়ে। সোমবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিনাই এনডিএৰ সমৰ্থিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক গঢ়ৰ মুঢ়াৰ লগতে তুলনা কৰাৰ লগতে তেওঁ প্ৰকৃততে আদিবাসীক প্ৰতিনিধিত্ব নকৰে বুলি কৈছিল অখিল গগৈয়ে। তাৰ পিছতে আদিবাসী সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই প্ৰতিক্ৰিয়াৰ পিছতে আজি এক ভিডিঅ’যোগে ক্ষমা বিচাৰে অখিল গগৈয়ে। ক্ষমা খোজাৰ লগতে কালি কোৱা বাক্যকেইটা উঠাও লোৱা বুলিও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।
অখিল গগৈয়ে ক্ষমা বিচৰাৰ পিছতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, অখিল গগৈয়ে ক্ষমা বিচাৰিলে নহ’ব। অখিল গগৈৰ চাহ বাগিচা অঞ্চল আৰু জনজাতীয় গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। দ্ৰৌপদী মুৰ্মু আদিবাসী হোৱাৰ লগতে জনজাতি। তেওঁ সকলোকে অপমান কৰিলে। এগৰাকী মহিলাকো অপমান কৰিলে। আজি দুখ প্ৰকাশ কৰি ক্ষমা খুজিলে নহ'ব। ক্ষমা কৰা নহ'ব৷
আনহাতে, এই সন্দৰ্ভত মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘‘অখিল গগৈৰ কালি মতিভ্ৰম হৈছিল। আজি ক্ষমা খুজিছে যদি ভাল কৰিছে। কিন্তু ভুল কৰি ক্ষমা খুজি লাভ নাই। বিষয়াক অন কেমেৰা গালি দিয়া, এইবোৰ তেওঁৰ অভ্যাস আছেই। তাৰ পিছতো একো ইছ্যু নহয়।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|