১৯৮৫ চনত সম্ভাৱনাৰ সপোন লৈ আৰম্ভ হৈছিল ৰাজ্যৰ দুটাকৈ কাগজ কল ৷ এসময়ত কাগজ কল দুটাই দেখুৱাইছিল লাভৰ মুখ ৷ কালক্ৰমত ২০১৭ চনত বিভিন্ন অজুহাতত বন্ধ হৈ পৰিল দুয়োটা কাগজ কল ৷ পানীত হাঁহ নচৰা হ'ল কাগজ কল দুটাত কৰ্মৰত বিষয়া কৰ্মচাৰী৷ মাহ-মাহ ধৰি দৰমহা বঞ্চিত হ'ল কাগজ কলৰ বিষয়া কৰ্মচাৰী ৷ মাজে মাজে চৰকাৰী পক্ষৰ আশ্বাসত জীৱন-জীৱিকাৰ সপোন দেখি মৰি মৰি জীয়াই থাকিল অসহায় কৰ্মচাৰী ৷ কিছু সংখ্যকে অন্ধকাৰ ভৱিষ্যত দেখি বাচি ল'লে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ৷ এইবাৰ মূল লিকুইডেটৰ কুলদীপ বাৰ্মাই জাৰি কৰিছে আন এক কঠোৰ নিৰ্দেশনা ৷ বিষয়া কৰ্মচাৰীয়ে খালী কৰি দিব লাগিব তেঁওলোকৰ আৱাস ৷ লগে লগে এক হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিলে কাগজ কল দুটাৰ আৱাসীৰ মাজত ৷ ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷
"কাগজ কলৰ কৰ্মচাৰীৰ কথা ৰাজ্য চৰকাৰে নভবা নহয় ৷ কৰ্মচাৰী-বিষয়া সন্থাৰ লগত বিগত ১০০দিনত ৪খন বৈঠক অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ লিকুইডেটৰক ৫৩০ কোটি দিবলৈ আছে বুলি সন্থাসমূহে চৰকাৰক জনাইছিল, য'ত সন্নিৱিষ্ট হৈ আছে তেওঁলোকৰ দৰমহাৰ কথাও ৷ ৰাজ্য চৰকাৰে ইয়াৰ বাবে ৫৩০কোটিৰ পৰা ৬০০কোটি দিবলৈ ৰাজি ৷ এই কথাত মান্তিও হৈছিল কাগজকলসমূহৰ সন্থাসমূহ ৷ আজিৰ পৰা এসপ্তাহৰ ভিতৰত টকা দিবলৈ ৰাজ্য চৰকাৰ সাজু ৷ কিন্তু এটা চৰ্ততহে ৰাজ্য চৰকাৰে দিব টকা ৷ চৰ্ত হ'ল কাগজ কলৰ মাটি গতাব লাগিব ৰাজ্য চৰকাৰক ৷"— এইদৰে ক'লে পীয়ুষ হাজৰিকাই
'কাগজ কলৰ যি সকল কৰ্মচাৰীৰ চাকৰি কৰাৰ বয়স আৰু যোগ্যতা আছে, যি সকল অসম চৰকাৰত নিযুক্তি লাভৰ ক্ৰাইটেৰীয়াত পৰে তাৰ পৰা ১০০ জন লোকক চাকৰি দিব ৰাজ্য চৰকাৰে ৷ ৰাজ্য চৰকাৰৰ কোনোবা এটা বিভাগত দিয়া হ'ব নিযুক্তি ৷'- জনালে পীয়ুষ হাজৰিকাই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 04, 2021, 14:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।