உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মূল্যবৃদ্ধিক লৈ ৰাইজে জলাকলা খাইছে, যোগান মন্ত্ৰীয়ে কয় দাম কমি আছে

    মূল্যবৃদ্ধিক লৈ ৰাইজে জলাকলা খাইছে, যোগান মন্ত্ৰীয়ে কয় দাম কমি আছে

    সাংবাদিকৰ আগত সদায়েই পলায়নবাদী ভূমিকা গ্ৰহণ কৰি অহা ফণীভূষণ চৌধুৰীৰ মন্তব্য – তেওঁ উন্নয়নমূলক আঁচনিৰ কামত আহিছে, গতিকে সেই সম্পৰ্কেহে কথা পাতিব৷

    • Share this:
    বৰপেটা জিলাৰ বাঘবৰৰ বৰদলনি গাঁৱত আজি ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ উপস্থিতিত ভেলেঙী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা এখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰে৷ নাবাৰ্ডৰ অৰ্থ সাহায্যৰে জলসম্পদ বিভাগে গ্ৰহণ কৰা ৩ কোটি টকা ব্যয় সাপেক্ষ খহনীয়া প্ৰতিৰোধী আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰি ফণীভূষণ চৌধুৰীয়ে পূৰ্বৰ চৰকাৰসমূহে খহনীয়া প্ৰতিৰোধী আঁচনিৰ কামসমূহ বানৰ সময়তহে আৰম্ভ কৰিছিল বুলি মন্তব্য কৰে৷ কিন্তু বৰ্তমানৰ চৰকাৰে বান অহাৰ পূৰ্বেই খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম আৰম্ভ কৰা বুলি মন্তব্য কৰে৷

    ইপিনে ২১ৰ নিৰ্বাচনত অগপৰ একাংশ সমষ্টিত বিজেপিয়ে চকু দিয়া কথাক লৈ মুখ খুলিব নিবিচাৰে অগপ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে৷ সাংবাদিকৰ আগত সদায়েই পলায়নবাদী ভূমিকা গ্ৰহণ কৰি অহা ফণীভূষণ চৌধুৰীৰ মন্তব্য – তেওঁ উন্নয়নমূলক আঁচনিৰ কামত আহিছে, গতিকে সেই সম্পৰ্কেহে কথা পাতিব৷

    অৱশ্যে সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নত ফণীভূষণ চৌধুৰীয়ে পাটাছাৰকুছি সমষ্টি অগপই লাভ কৰিবই বুলি নিশ্চিত থাকিবলৈ সাংবাদিকক জানিবলৈ দিয়ে৷ ইপিনে মূল্যবৃদ্ধি সম্পৰ্কতো মন্তব্য দিবলৈ অস্বীকাৰ কৰে ফণীভূষণ চৌধুৰীয়ে৷ মূল্যবৃদ্ধি প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত ফণীভূষণ চৌধুৰীয়ে ক’লে- ৰাজ্যত হেনো হ্ৰাস পাই আছে সামগ্ৰীৰ মূল্য৷
    Published by:Sanjay Kumar Das
    First published: