• Home
  • »
  • News
  • »
  • assam
  • »
  • বজাৰত জুই, ফণীভূষণ আছে শুই! মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হেনো স্বাভাৱিক কথা

বজাৰত জুই, ফণীভূষণ আছে শুই! মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হেনো স্বাভাৱিক কথা

যোগান মন্ত্ৰীৰ টুলুঙা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷

যোগান মন্ত্ৰীৰ টুলুঙা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷

যোগান মন্ত্ৰীৰ টুলুঙা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷

  • Share this:
ৰাজ্যজুৰি জ্বলিছে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি৷ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে উঠিছে হায় হায় ধ্বনি৷ ইয়াৰ মাজতে মঙলবাৰে চৰম টুলুঙা মন্তব্য কৰিলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে৷ ফণীভূষণৰ দাবী- “এতিয়া নিৰ্বাচনৰ বতৰ৷ নিৰ্বাচনৰ বতৰত বৃদ্ধি পাই আন্দোলন৷ এই নিৰ্বাচনৰ বতৰত সেয়ে বিৰোধীয়ে মূল্যবৃদ্ধিৰ বাবে কৰিছে আন্দোলন৷ এয়া স্বাভাৱিক কথা৷”

এয়াই আমাৰ যোগান মন্ত্ৰী৷ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰি কৰিছে টুলুঙা মন্তব্য৷ অৱশ্যে ফণীভূষণৰ যোগান বিভাগে হেনো অক্টোবৰ আৰু নৱেম্বৰৰ বাবে মুঠ ছয় হাজাৰ মেট্ৰিক টন পিঁয়াজৰ অৰ্ডাৰ কৰিছে৷

পিছে যোগান মন্ত্ৰীয়ে পাহৰিলেই যে চলিত মাহটো যে নৱেম্বৰ৷ অক্টোবৰ মাহৰ পিঁয়াজ আকৌ কাৰ বাবে দিছে অৰ্ডাৰ৷ সম্ভৱত অহা বছৰৰ অক্টোবৰত ৰাইজক সেই পিঁয়াজ খুৱাব মন্ত্ৰী ফণীভূষণে৷ পিছে অহা বছৰৰ অক্টোবৰলৈ তেওঁ যোগান মন্ত্ৰী হৈ থাকেনে নাই, সেয়া অদৃশ্যজনেহে জানিব৷

কিন্তু যোগান মন্ত্ৰীৰ টুলুঙা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷ শিকদাৰে ক'লে- “এসময়ত মূল্য বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিছিল BJP-AGP–এ৷ পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিল তেওঁলোকে৷ BJP-AGP–এ কৰিলে ভাল, বিৰোধীয়ে কৰিলে বেয়া? প্ৰতিবাদতো ৰাইজে কৰিবই৷”

ইমানতে ক্ষান্ত নাথাকিল বিধায়ক জাকিৰ৷ জাকিৰে ক'লে- “যোগান মন্ত্ৰী এতিয়া অসাধু ব্যৱসায়ীৰ এজেণ্ট৷ অসাধু ব্যৱসায়ীয়ে যি কয়, তাকেই কৰে তেওঁ৷ ব্যৱসায়ীৰ পৰা টকাৰ টোপোলা লোৱাত ব্যস্ত মন্ত্ৰী ফণীভূষণ চৌধুৰী৷”
Published by:Sanjay Kumar Das
First published: