বঙাইগাওঁৰ মানিকপুৰত এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল মন্ত্ৰী ফণীভূষণ। কিন্তু সভাত ভাষণ দি থকা অৱস্থাত ফণীভূষণ চৌধুৰীয়ে খবৰ লাভ কৰে যে, এক বৃহৎ কেব বিৰোধী প্ৰতিবাদী সমদল সভাখনৰ ফালে আহি আছে। লগে লগে ফণীভূষণে ভাষণ বন্ধ কৰি মূল পথ এৰি জংঘলৰ মাজেৰে পলায়ন কৰে। ক’লা পতাকা আৰু প্ৰতিবাদৰ ভয়ত মন্ত্ৰীৰ এনে অৱস্থা দেখি এতিয়া সমগ্ৰ বঙাইগাওঁতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।