• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱত এইবাৰ কিমান সুৰক্ষিত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ভেটি!

বঙাইগাঁৱত এইবাৰ কিমান সুৰক্ষিত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ভেটি!

আঞ্চলিকতাবাদী দল বহু খুলিব পাৰে যদিও ৰাইজৰ আস্থাভাজন হোৱাটোহে মূল কথা বুলি তেওঁ নতুন দলটোক কটাক্ষ কৰে৷

আঞ্চলিকতাবাদী দল বহু খুলিব পাৰে যদিও ৰাইজৰ আস্থাভাজন হোৱাটোহে মূল কথা বুলি তেওঁ নতুন দলটোক কটাক্ষ কৰে৷

আঞ্চলিকতাবাদী দল বহু খুলিব পাৰে যদিও ৰাইজৰ আস্থাভাজন হোৱাটোহে মূল কথা বুলি তেওঁ নতুন দলটোক কটাক্ষ কৰে৷

  • Share this:
বিধানসভা নিৰ্বাচনৰ বাবে মাজত কেইটামান মাহ বাকী থকা অৱস্থাত বঙাইগাঁৱত নিৰ্বাচনী বতাহ ব’বলৈ আৰম্ভ কৰিছে৷ আঞ্চলিকতাবাদী শিবিৰৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁও সমষ্টিৰ পৰা বিগত সাতটা কৈ কাৰ্যকাল বিধায়ক হিচাপে নিৰ্বাচিত আহিছে অগপ নেতা ফণীভূষণ চৌধুৰীয়ে৷ আগন্তুক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি নৱগঠিত আঞ্চলিকতাবাদী দলৰ তৰফৰ পৰা দলীয় কাম–কাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ একেদৰে কংগ্ৰেছৰ তৰফৰ পৰাও এঘড়ী যুঁজিবলৈ কঁকালত টঙালী বান্ধি সাজু হৈ পৰা দেখা গৈছে৷

বিগত ৩৫ বছৰে অগপ নেতা ফণীভূষণ চৌধুৰীয়ে বিধায়ক হিচাপে সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ আহিলেও এইবাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ ওলাইছে৷ বিগত ২০১৬ৰ নিৰ্বাচনত অগপ নেতা ফণীভূষণ চৌধুৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী তথা আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ক ৩১,৫২০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷

কিন্তু এইবাৰ কা আন্দোলনৰ পিছত ৰাজ্যত কা বিৰোধী দল–সংগঠনৰ নেতৃত্বত গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দলে সমষ্টিটো দখলৰ বাবে কুজকাৱাজ আৰম্ভ কৰিছে৷ বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টাকৈ সংগঠনৰ নেতৃত্বত গঠিত ৰাইজৰ দলে আঞ্চলিকতাবাদী শিবিৰ হিচাপে পৰিচিত সমষ্টিটোত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে৷

ফণীভূষণ চৌধুৰীৰ দীঘলীয়া কাৰ্যকালত বঙাইগাঁৱত উন্নয়নৰ ব্যৰ্থতাৰ অভিযোগ কৰি ৰাইজৰ দলে প্ৰচাৰ কাৰ্য আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ নাগৰিকত্ব সংশোধনী আইনকে ধৰি অগপৰ স্থিতিক সমালোচনা কৰি বিভিন্ন পক্ষই সমালোচনা কৰা পৰিলক্ষিত হৈছে৷

ইফালে অসম বিধানসভাত সাতটাকৈ কাৰ্যকাল বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে ৰাজ্যত নতুনকৈ গঠন আঞ্চলিক দল বা কংগ্ৰেছ দলক বঙাইগাঁওবাসীয়ে আদৰি নলয় বুলি মন্তব্য কৰে৷ অগপ নেতা-কৰ্মীসকলে দীৰ্ঘকাল বঙাইগাঁৱৰ উন্নয়নৰ কাম–কাজত লাগি থকাৰ ফলত ৰাইজে অগপৰ ওপৰত আস্থা ৰাখিব আৰু বিগত সময়ৰ দৰে আগন্তুক দিনত আঞ্চলিকতাবাদী দলটোৰ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব বুলি  তেওঁ আশা ব্যক্ত কৰে৷

আনহাতে, আঞ্চলিকতাবাদী দল বহু খুলিব পাৰে যদিও ৰাইজৰ আস্থাভাজন হোৱাটোহে মূল কথা বুলি তেওঁ নতুন দলটোক কটাক্ষ কৰে৷

বিগত ২০১৪ চনত বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ফণীভূষণ চৌধুৰীয়ে জীৱনত প্ৰথমবাৰৰ বাবে পৰাজিত হৈছিল যদিও বিধানসভা নিবাৰ্চন আজিলৈকে পৰাস্ত হোৱা নাই৷ আগন্তক বিধানসভা নিৰ্বাচনত অগপ নেতা ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যৎ কি হ’ব সেয়া নিৰ্বাচনৰ ফলাফলৈ ৰ’ব লাগিব৷
Published by:Sanjay Kumar Das
First published: