ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অযোধ্যালৈ কৰ সেৱা কৰিবলৈ যোৱা কৰ সেৱকক সম্বৰ্ধনা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

News18 Assam | News18-Assam
Updated:August 5, 2020, 9:28 PM IST
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অযোধ্যালৈ কৰ সেৱা কৰিবলৈ যোৱা কৰ সেৱকক সম্বৰ্ধনা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
বহু প্ৰতীক্ষাৰ অন্তত আজি সম্পন্ন হ’ল ৰাম মন্দিৰ ভূমি পূজন।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৰাম মন্দিৰৰ শিলান্যাস কৰিলে।

বহু প্ৰতীক্ষাৰ অন্তত আজি সম্পন্ন হ’ল ৰাম মন্দিৰ ভূমি পূজন।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৰাম মন্দিৰৰ শিলান্যাস কৰিলে।

  • Share this:
বহু প্ৰতীক্ষাৰ অন্তত আজি সম্পন্ন হ’ল ৰাম মন্দিৰ ভূমি পূজন।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৰাম মন্দিৰৰ শিলান্যাস কৰিলে। যাক লৈ খুবেই সুখী ঢলাইৰ বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ এই সুুুযোগতে ১৯৯২চনত ৰাম মন্দিৰৰ বাবে কৰসেৱা কৰিবলৈ যোৱা ২০গৰাকী লোকৰ পৰিয়ালৰ কাষ চাপিল মন্ত্ৰী শুক্লবৈদ্য ৷ যি সকলৰ ইতিমধ্যে পৰলোকপ্ৰাপ্তি ঘটিল আৰু যি দুই এজন আছে সকলোৰে ঘৰলৈ গৈ আনন্দৰ মুহূৰ্তটো ভগাই ল'লে মন্ত্ৰী জনে ৷

"আমি সকলোৱে একতাৰ ডোলেৰে বান্ধ খাই গৌৰৱেৰে কৈছো, 'হয় আমি হিন্দু।’ আজিৰ এই মুহূৰ্তটোত উপনীত হ’বলৈ আমাৰ যি কৰ্মস্থলী, জন্মস্থলী বা জীৱনৰ আটাইতকৈ ভালপোৱাস্থলী কাছাৰ জিলাৰ ধলাই সমষ্টিৰ পৰা বহুকেইজন কৰসেৱক সেইখিনি সময়ত প্ৰভু শ্ৰীৰামৰ বাবে আত্মবলিদান দিবলৈ কৰসেৱাৰ উদ্দেশ্য অযোধ্যালৈ গৈছিল। আজিৰ এই পৱিত্ৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ সপোন সাৰ্থক কৰিলে সেই সময়ত সেইসকল কৰসেৱকক আমি আজি নিজেই একোখনকৈ অংগবস্ত্ৰ, একোখনকৈ ৰামনামী কাপোৰ আৰু একোখনকৈ ৰামায়ণ, মহাভাৰত আৰু গীতাৰ দৰে পৱিত্ৰ ধৰ্মগ্ৰন্থৰে সন্মান জনাইছো।’

‘ইয়াৰ লগতে আমাৰ সমষ্টিৰ যিসকল কৰসেৱকে আজিৰ এই আনন্দৰ মুহূৰ্ত উপভোগ কৰিবলৈ সংসাৰত নাই সেইসকলকো আমি শ্ৰদ্ধাৰে সুঁৱৰিছো আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাষলৈ গৈ মিঠাই খুৱাই পৰম প্ৰতীক্ষিত সুমধুৰ ক্ষণৰ আনন্দৰ ভগাই লৈছো। শেষত আজি ভাৰতী মাৰ যি সপোন পূৰণ হ’ল সেই সপোন পূৰণ হোৱাৰ শুভক্ষণত সকলোকে একত্ৰিত হৈ এই গৌৰৱৰ মুহূৰ্ত অনুভৱ কৰি নিজকে ভগৱান শ্ৰীৰামচন্দ্ৰৰ সুপুত্ৰ হিচাপে ধৰি লৈ জয় শ্ৰীৰাম বুলি ক’বলৈ আহ্বান জনালো। জয় শ্ৰী ৰাম।" আৱেগৰে ক'লে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
Published by: Himangshu Bhuyan
First published: August 5, 2020, 9:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading