দিহিং পাটকাইত চলা নাই কয়লা খনন, বন মন্ত্ৰী শুক্লবৈদ্যই আৰু ক’লে কি?

News18 Assam | News18-Assam
Updated:May 28, 2020, 11:21 PM IST
দিহিং পাটকাইত চলা নাই কয়লা খনন, বন মন্ত্ৰী শুক্লবৈদ্যই আৰু ক’লে কি?
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক্ৰমে দিহিং পাটকাই পৰিদৰ্শন কৰিলে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক্ৰমে দিহিং পাটকাই পৰিদৰ্শন কৰিলে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ 

  • Share this:
পূবৰ আমাজন হিচাপে জনাজাত দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰা বুলি প্ৰচাৰিত বাতৰিয়ে ইতিমধ্যে দেশব্যাপি ব্যাপক প্ৰতিক্ৰিয়াৰ সূচনা কৰিছে৷ ইয়াৰ বিৰুদ্ধে ছচিয়েল মেডিয়াত আৰম্ভ হৈছে ব্যাপক কেম্পেইন৷

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক্ৰমে দিহিং পাটকাই পৰিদৰ্শন কৰিলে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷

দিহিং পাটকাই বৰ্ষাৰণ্য আৰু কয়লা খনন ক্ষেত্ৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ক'লে- “দিহিং পাটকাইৰ পৰা দহ কিলোমিটাৰ দূৰত্বত অৱস্থিত চালেকী৷  চালেকীত ১৯৭৩ৰ পৰা ২০০৩ চনলৈ চলিছিল কয়লা খনন৷ বৰ্তমান চালেকীত চলা নাই কয়লা খনন৷ চালেকী এলিফেণ্ট কৰিডৰৰ বাহিৰত পৰা এটা অঞ্চল৷”

২০০৩ৰ পৰা চালেকীত চলা নাই কয়লা খনন৷ এই কথা সদৰি কৰি বনমন্ত্ৰী শুক্লবৈদ্যই ক'লে- “দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ৷ চালেকীত কয়লা খননৰ অনুমতিও আৰু চৰকাৰে নিদিয়ে৷”

ইপিনে দিহিং পাটকাইৰ সুৰক্ষাৰ বাবে ছচিয়েল মিডিয়াত কেম্পেইন চলোৱা পৰিৱেশকৰ্মী সকলক বনমন্ত্ৰীয়ে জনালে আন এক আহ্বান৷ মন্ত্ৰীয়ে ক'লে- “ছচিয়েল মিডিয়াত কেম্পেইন চলালেই নহ'ব৷ হাতে–কামে আগবঢ়াক৷ প্ৰতিজনে দহজোপাকৈ গছ ৰোৱক৷ মই বিনম্ৰতাৰে আহ্বান জনাইছো সকলোকে, আহক আমি সকলোৱে দহজোপাকৈ গছ পুলি ৰোপণ কৰো৷ অসমখনক আমি সেউজীয়া কৰি তোলো৷”
First published: May 28, 2020, 11:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading