মীন নিগমক নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাৰ কৰ্মক লৈ যেন মুঠেই সন্তুষ্ট নহয় বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷
মীন নিগমক নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাৰ কৰ্মক লৈ যেন মুঠেই সন্তুষ্ট নহয় বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷
মীন নিগমক নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাৰ কৰ্মক লৈ যেন মুঠেই সন্তুষ্ট নহয় বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ একমাএ NEWS 18 অসম নৰ্থ ইষ্টে পোন প্ৰথমবাৰলৈ এইগৰাকী পদ্ম হাজৰিকাৰ দুৰ্নীতি এটাৰ পিছত আনটো ৰাজহুৱা কৰিছিল ৷
ক্ষমতাৰ জোৰত বিঙ্গাপনৰ অবিহনে পদ্ম বাহিনীয়ে কি দৰে নিযুক্তি প্ৰদান কৰিছিল সেয়াও সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতে মীন নিগমৰ নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে পদ্ম হাজৰিকাক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে বিভাগটোৰ MDৰ জৰিয়তে গোটেই বিষয়টোৰ তদন্তৰো ঘোষণা কৰিছিল ৷ পদ্ম হাজৰিকা বাহিনীক টকা দি চাকৰি লাভ কৰা একাংশই কেনেদৰে NEWS 18ৰ কেমেৰা দেখি কাৰ্যালয় এৰি দেৱাল বগাই পলায়ন কৰিছিল সেয়া সোমবাৰে প্ৰকাশ পাইছিল ৷অৱশেষত মংগলবাৰে পুৱা বিতৰ্কিত পদ্ম হাজৰিকাক লৈ মুখ খুলিলে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰীগৰাকীৰ স্পষ্ট কথা নীতিৰ বাহিৰত কাম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হবই ৷ আইনৰ বাহিৰত কাৰো কাম কৰাৰ অধিকাৰ নাই ৷ মন্ত্ৰীগৰাকীৰ মতে গোটেই বিষয়টো ওপৰত সম্প্ৰতি তদন্ত চলাই আছে বিভাগটোৰ MDয়ে আৰু যদি নীতি বহিৰ্ভূতভাৱে কাম কৰাৰ উপযুক্ত তথ্য প্ৰমান কৰে তেন্তে অচিৰে জালত পৰিব পদ্ম হাজৰিকা ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|