শীঘ্ৰে বেদখলমুক্ত কৰা হ’ব ৰাজ্যৰ বনাঞ্চলসমূহ, ক’লে বন মন্ত্ৰী শুক্লবৈদ্যই

News18 Assam | News18-Assam
Updated:September 28, 2020, 8:11 PM IST
শীঘ্ৰে বেদখলমুক্ত কৰা হ’ব ৰাজ্যৰ বনাঞ্চলসমূহ, ক’লে বন মন্ত্ৰী শুক্লবৈদ্যই
মন্ত্ৰীগৰাকীয়ে শেষত ৰাজ্যৰ বন ধ্বংস কৰা বালি মাফিয়া,চোৰাং চিকাৰীকে ধৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি সকীয়নি দিয়ে৷

মন্ত্ৰীগৰাকীয়ে শেষত ৰাজ্যৰ বন ধ্বংস কৰা বালি মাফিয়া,চোৰাং চিকাৰীকে ধৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি সকীয়নি দিয়ে৷

  • News18 Assam
  • Last Updated: September 28, 2020, 8:11 PM IST
  • Share this:
অসমৰ সকলো বনাঞ্চল বেদখলমুক্ত হ'ব৷ বন ধ্বংসযজ্ঞ কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে অতি সোনকালে বিহিত ব্যৱস্থা লোৱা হ'ব। সোমবাৰে লামডিঙত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ লামডিং বনাঞ্চলত "সাহিত্য মণিষী উপবন" নামেৰে এখনি উদ্যান উদ্বোধন কৰিবলৈ উপস্থিত হৈ এই মন্তব্য বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ৷

১৭ লাখ টকা ব্যয়ৰে  নিৰ্মান কৰা "সাহিত্য মণিষী উপবন" উদ্যানখনত আছে ৬০০ বিধৰো অধিক মূল্যবান ঔষধি, ফলমূল, ফুলকে ধৰি অন্যান্য বৃক্ষ৷ ইয়াৰোপৰি আগন্তুক দিনত উপবনখনত এহাজাৰ জোপা মূল্যবান গছ ৰোপণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনায়৷

আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বনমন্ত্ৰীগৰাকীয়ে জনায় যে লামডিং বনাঞ্চলৰ লগতে অসমৰ সকলো বনাঞ্চলতেই বেদখল কৰি থকাসকলক কৰা হ’ব উচ্ছেদ৷ বনাঞ্চলৰ ভূমি বেদখল কৰি বিজেপি চৰকাৰৰ দিনত কোনো লোক তিষ্টি  থাকিব নোৱাৰিব বুলিও মন্তব্য কৰে শুক্লবৈদ্যই।

হাতী–মানুহৰ সংঘাতৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে - এইখন চৰকাৰ অহাৰ আগতেই বনাঞ্চলসমূহত বনধ্বংস যজ্ঞ চলাত বনাঞ্চলত গছ–গছনি নোহোৱা হৈ হাতী সমূহ জনাঞ্চলত ওলাই অহাত হাতী–মানুহৰ সংঘাত হৈছে। বনাঞ্চল ধ্বংস হোৱাত  হাতীবোৰ ক’লৈ যাব বুলি প্ৰশ্ন কৰাৰ লগতে মানুহে জীয়াই থাকিবলৈ হ’লে জীৱ জন্তু, প্ৰাণী আদিক লৈয়ে চলিব লাগিব আৰু লগতে গছ লাগিবই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

আনফালে, অসমত নতুনকৈ গঠন হোৱা AJP দল সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে নতুন দলে বিজেপি চৰকাৰক লাভাম্বিত কৰিব, গণতান্ত্ৰিক উপায়েৰে নতুন দল আহক, নতুন মত আহক৷ ৰাইজে বিচাৰ কৰিব কোনে ৰাইজৰ বাবে ভাল কাম কৰিছে৷

মন্ত্ৰীগৰাকীয়ে শেষত ৰাজ্যৰ বন ধ্বংস কৰা বালি মাফিয়া,চোৰাং চিকাৰীকে ধৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি সকীয়নি দিয়ে৷ লগতে যিসকল দুষ্টচক্ৰই বন বিভাগৰ বিষয়া কৰ্মীক আক্ৰমণ কৰা আৰু ভয়–ভাবুকি প্ৰদান কৰি আহিছে সেইসকলৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে বুলিও মন্তব্য কৰে৷
Published by: Sanjay Kumar Das
First published: September 28, 2020, 8:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading