বজাৰত অত্যাধিক হাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। অত্যাধিক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জুৰুলা কৰিছে। মধ্যবিত্ত পৰিয়ালৰ লোকসকলে ভৰণ পোষণৰ বাবে চিন্তা কৰিব লগাত পৰিছে। মূল্য বৃদ্ধিৰ সময়ত স্বাভাৱিকতে বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ ৰাজ্য চৰকাৰক সমালোচনা কৰা দেখা গৈছে ৷ খাদ্য সামগ্ৰী মূল্য নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে বিৰোধি দলে।
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উঠা এনে বিভিন্ন প্ৰশ্নৰ মাজতে বুধবাৰে হঠাৎ মহানগৰীৰ জটিয়া কাহিলীপাৰা পথত আৱকাৰী, মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দেখা গ’ল। তেওঁ সাধাৰণ গ্ৰাহকৰ ৰূপত পদপথৰ বজাৰ পৰিদৰ্শন কৰে। কোন বিধ মাছৰ কিমান দাম গ্ৰাহকে ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছে সেই সন্দৰ্ভত বুজ ল’লে মন্ত্ৰীগৰাকীয়ে। পদপথৰ মাছ ব্যৱসায়ী সকলে গ্ৰহণ কৰা দৰদামক লৈ মন্ত্ৰীগৰাকীয়ে কোনো মন্তব্য কৰা নাই যদিও তেওঁ বস্তুৰ বজাৰ মূল্যত কৈ অধিক দাম লোৱাৰ কথা উল্লেখ কৰে। চৰকাৰী কোনো নিৰাপত্তা ৰক্ষী অবিহনে মন্ত্ৰীগৰাকীয়ে এনেদৰে বজাৰ পৰিদৰ্শন স্বাভাৱিকতে বজাৰৰ প্ৰকৃত দৰদামৰ উমান পাবলৈ সক্ষম হয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 02, 2023, 20:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|