দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দাবী কৰিছিল যে তেওঁৰ পোন্ধৰ বছৰীয়া শাসন কালতকৈ BJPৰ চাৰিবছৰীয়া শাসন কালত গঁড়ৰ মৃত্যুৰ সংখ্যা বেছি৷
দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দাবী কৰিছিল যে তেওঁৰ পোন্ধৰ বছৰীয়া শাসন কালতকৈ BJPৰ চাৰিবছৰীয়া শাসন কালত গঁড়ৰ মৃত্যুৰ সংখ্যা বেছি৷
কংগ্ৰেছৰ পোন্ধৰ বছৰ শাসন কালত গঁড়ৰ মৃত্যুৰ সংখ্যা বেছি নে BJPৰ চাৰি বছৰৰ শাসন কালত মৃত্যুৰ সংখ্যা বেছি? সেই লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সূচনা কৰা বিৰ্তকৰ উত্তৰ দিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷
পৃথিৱী বিখ্যাত এই এশিঙীয়া গঁড়ক লৈ এইখন অসমত ক'ত যে কি নহয়৷ এইবাৰ এই এশিঙীয়া গঁড়ৰ মৃত্যুৰ সংখ্যাক লৈ আৰম্ভ হৈছে ৰাজনীতিৰ৷
দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দাবী কৰিছিল যে তেওঁৰ পোন্ধৰ বছৰীয়া শাসন কালতকৈ BJPৰ চাৰিবছৰীয়া শাসন কালত গঁড়ৰ মৃত্যুৰ সংখ্যা বেছি৷ গগৈয়ে কৈছিল- “আমাৰ পোন্ধৰ বছৰীয়া শাসন কালত যিমান গঁড় মৰিছিল, তাতকৈ BJPৰ চাৰিবছৰীয়া শাসন কালত বেছি গঁড় মৰিছে৷ এই সন্দৰ্ভত BJP চৰকাৰে শ্বেতপত্ৰ দিয়ক৷”
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰা দাবীৰ সন্দৰ্ভত মঙলবাৰে মুখ খুলিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ বনমন্ত্ৰীয়ে ক'লে- “কাৰ দিনত কিমান গঁড় মৰিছে ৰাইজে দেখিছে৷ গঁড়ৰ মৃত্যুৰ সংখ্যাক লৈ গগৈয়ে ৰাজনীতি কৰিছে৷”
বনমন্ত্ৰীৰ দাবী- “গঁড় হত্যা কৰা আৰু স্বাভাৱিক মৃত্যুৰ মাজত পাৰ্থক্য আছে৷ গগৈয়ে এই কথা জানিও ৰাজনীতি কৰিছে৷ আমি গঁড় হত্যা ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছো৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও সেই কথা জানে। ৰাজনীতি কৰা মানুহে ৰাজনীতি কৰিবই। আমি ভাল কাম কৰিছো নে বেয়া কাম কৰিছো বা তেওঁ ভাল কাম কৰিছে নে নাই তাৰ তুলনা কৰি লাভ নাই। অসমৰ ৰাইজে সকলো কথা গম পায়৷”
ইপিনে শেহতীয়া বানৰ কবলত পৰা কাজিৰঙা আৰু পবিতৰা অভয়াৰণ্যত বিশেষ সৰ্তকতামূলক ব্যৱস্থা বন বিভাগে গ্ৰহণ কৰিছে বুলি সদৰি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই- “বানপানীৰ সময়ত যাতে বন্যপ্ৰাণীৰ মৃত্যু ৰোধ কৰিব পাৰি সেই সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণ বিভাগৰ। ইতিমধ্যে টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে কাজিৰঙাত ৷”
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|