আলু–পিয়াঁজৰ দাম নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ যোগান মন্ত্ৰীৰ

সমগ্ৰ গুৱাহাটী মহানগৰীত আলু–পিয়াঁজৰ এটাই দাম হ’ব লাগিব। পাইকাৰী দৰতকৈ আলুত চাৰি টকা আৰু পিয়াঁজত ৬ টকাকৈ বেছি ল’ব পাৰিব খুচুৰা ব্যৱসায়ীয়ে।

news18assam
Updated:June 14, 2019, 5:36 PM IST
আলু–পিয়াঁজৰ দাম নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ যোগান মন্ত্ৰীৰ
সমগ্ৰ গুৱাহাটী মহানগৰীত আলু–পিয়াঁজৰ এটাই দাম হ’ব লাগিব। পাইকাৰী দৰতকৈ আলুত চাৰি টকা আৰু পিয়াঁজত ৬ টকাকৈ বেছি ল’ব পাৰিব খুচুৰা ব্যৱসায়ীয়ে।
news18assam
Updated: June 14, 2019, 5:36 PM IST
মহানগৰীত আলু আৰু পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ দিছে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। আজি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে এক বৈঠকত এই নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। সমগ্ৰ গুৱাহাটী মহানগৰীত আলু–পিয়াঁজৰ এটাই দাম হ’ব লাগিব। পাইকাৰী দৰতকৈ আলুত চাৰি টকা আৰু পিয়াঁজত ৬ টকাকৈ বেছি ল’ব পাৰিব খুচুৰা ব্যৱসায়ীয়ে। কামৰূপ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া দাম থাকিব আলু–পিয়াঁজৰ ক্ষেত্ৰত। প্ৰতিজন ব্যৱসায়ীয়ে মূল্যৰ তালিকা আঁৰিব লাগিব। গুদামত এতিয়াও মজুত আছে আলু -পিয়াঁজ। অসাধু ব্যৱসায়ীক নাকী লগাবলৈ গঠন কৰা দিয়া হৈছে স্কোৱাড টীম।
আৰু চাওক পৰৱৰ্তী বাতৰি